ETV Bharat / bharat

প্ৰণৱ মুখাৰ্জীৰ ৰেনাল পেৰামিটাৰ উন্নত হৈছে: চিকিৎসক - ক'মা

বৰ্তমানেও ক'মাতে আছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী । অৱশ্যে প্ৰণৱ মুখাৰ্জীৰ ৰেনাল পেৰামিটাৰ উন্নত হৈছে বুলি প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই । মস্তিষ্কৰ অস্ত্ৰোপচাৰৰ পিছৰে পৰা দিল্লীস্থিত সেনাৰ ৰিছাৰ্ছ এণ্ড ৰেফাৰেল হাস্পতালত চিকিৎসাধীন হৈ আছে প্ৰবীন ৰাজনীতিবিদগৰাকী ।

প্ৰণৱ মুখাৰ্জীৰ ৰেনাল পেৰামিটাৰ উন্নত হৈছে:চিকিত্সক

author img

By

Published : Aug 29, 2020, 6:26 PM IST

নেশ্যনেল ডেস্ক,২৯আগষ্ট: মস্তিষ্কৰ অস্ত্ৰোপচাৰৰ পিছৰে পৰা সেনাৰ হাস্পতালত চিকিৎসাধীন হৈ থকা প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৰেনাল পেৰামিটাৰ উন্নত হৈছে বুলি প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই । বৰ্তমানেও সংজ্ঞাহীন অৱস্থাতে আছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী । শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা প্ৰবীন ৰাজনীতিবিদগৰাকীক ভেণ্টিলেশ্যনতে ৰখা হৈছে বুলি শনিবাৰে চিকিৎসালয় কৰ্তৃপক্ষই সদৰি কৰিছে । চিকিৎসকৰ মতে বৰ্তমান ৰক্ত সঞ্চালন স্থিৰ হৈ আছে আৰু হাওঁফাওঁৰ সংক্ৰমণৰ বাবে চিকিৎসা কৰি থকা হৈছে । বৃক্কৰ কাৰ্যক্ষমতাও বৰ্তমান উন্নত হৈছে বুলি চিকিৎসকে প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, যোৱা ১০ আগষ্টত দিল্লীস্থিত সেনাৰ ৰিছাৰ্ছ এণ্ড ৰেফাৰেল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৮৪ বছৰীয়া ৰাজনীতিবিদগৰাকীক । মস্তিষ্কত তেজৰ চেঁকুৰা জমা হোৱাত অস্ত্ৰোপচাৰ কৰা হৈছিল । তাৰ পিছতে হাওঁফাওঁ সংক্ৰমিত হোৱাৰ লগতে বৃক্কতো সমস্যাই দেখা দিছিল । বৰ্তমান বৃক্কৰ কাৰ্যক্ষমতা স্থিৰ হৈ আছে । কিন্তু হাওঁফাওঁৰ সংক্ৰমণৰ চিকিৎসা অব্যাহত আছে বুলি প্ৰকাশ কৰিছে সেনা হাস্পতালৰ চিকিৎসকে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.