নেশ্যনেল ডেস্ক,13 জানুৱাৰী : মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ শিৱপুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গৰুড়পুৰাত পাৰ্বতী নদীত সোণৰ মুদ্ৰা ওলোৱাৰ উৰা বাতৰি বিয়পি পৰাৰ লগে লগে সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ ৷ নদীত সোণ ওলোৱাৰ উৰা বাতৰি বিয়পাৰ লগে লগে একাংশ লোকে নদীত সোণ বিচাৰিবলৈ হেতা ওপৰা লগোৱাৰ লগতে আন একাংশই নদী খান্দিবলৈ আৰম্ভ কৰে ৷
![People digging river to get silver coins](https://etvbharatimages.akamaized.net/etvbharat/prod-images/mp-raj-01-coin-roumers-pkg-mp10053_09012021154533_0901f_1610187333_696.jpg)
এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত ৰাজহ বিভাগৰ লোক উপস্থিত হয় ৷ ৰাজহ বিভাগৰ লোকে উক্ত ঠাইত সোণৰ মুদ্ৰাৰ কোনো সন্ধান নাপায় যদিও স্থানীয় লোকে নদী খান্দি থকা প্ৰত্যক্ষ কৰে ৷
উল্লেখ্য যে, শিৱপুৰা গাঁৱৰ ৰাইজে পাঁচদিন পূৰ্বে এক খবৰ লাভ কৰিছিল যে পাৰ্বতী নদীত সোণ-ৰূপৰ মুদ্ৰা ওলাই আছে ৷ এই উৰা বাতৰি বিয়পি পৰাৰ লগে লগে নদী খান্দিবলৈ আৰম্ভ কৰে একাংশ স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: গুৱাহাটীত নিৰ্বাচনী আয়োগৰ বিষয়াৰ সমীক্ষামূলক বৈঠক