ETV Bharat / bharat

সমগ্ৰ দেশতে লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰৱৰ্তন হোৱা উচিত : প্ৰজ্ঞা ঠাকুৰ - প্ৰজ্ঞা ঠাকুৰ

নম্ৰতা মিশ্ৰাৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শুকুৰবাৰে বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে সমগ্ৰ দেশতে লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰৱৰ্তন হ’ব লাগে বুলি দাবী জনায় ৷ মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে লাভ জেহাদৰ বিৰুদ্ধে আইন বলবৎ কৰাক লৈ প্ৰস্তুতি চলাইছে ৷

Pragya Thakur
প্ৰজ্ঞা ঠাকুৰ
author img

By

Published : Jan 9, 2021, 12:19 PM IST

নেশ্যনেল ডেস্ক,9 জানুৱাৰী : দেশত পুনৰবাৰ লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰৱৰ্তনৰ বিষয়টো উত্থাপন হোৱাৰ সময়তে শুকুৰবাৰে বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে, এই আইনখন অৱশ্যেই প্ৰৱৰ্তন আৰু সমগ্ৰ দেশতে কাৰ্যকৰী হোৱা উচিত ৷ ভাৰতীয় জনতা পাৰ্টীয়ে মহিলাসকলক সন্মান কৰে আৰু সেইবাবে বিজেপি সদায় এই আইনক সমৰ্থন জনাই অহা বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে ৷

তেওঁ কয় যে, এই ক্ষেত্ৰত বিপক্ষ দলে সমস্যাৰ সৃষ্টি কৰি আহিছে ৷ পূৰ্বে লাভ জেহাদ বুলি কোনো বিষয় নাছিল ৷ লাভ জেহাদৰ অভিযুক্তক শাস্তি প্ৰদানৰ অৰ্থে এই বিশেষ আইনখন বলবৎ হোৱা উচিত ৷ কিয়নো কোনো এজনৰ শালীনতাত আঘাত সনাটো এটা ডাঙৰ অপৰাধ ৷ এনেধৰণৰ লোকে স্বাধীনভাৱে চলা-ফুৰা কৰা উচিত নহয় ৷

সাংসদ প্ৰজ্ঞা ঠাকুৰে নম্ৰতা মিশ্ৰাৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, পশ্চিমবংগত বিজেপি ক্ষমতালৈ আহিলে বিজেপিয়ে ‘লাভ জেহাদ’ৰ বিৰুদ্ধে আইনখন প্ৰৱৰ্তনৰ চেষ্টা কৰিব ৷

আনহাতে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে লাভ জেহাদৰ বিৰুদ্ধে আইন বলবৎ কৰাৰ ওপৰত প্ৰস্তুতি চলাইছে আৰু এই ক্ষেত্ৰত গৱৰ্ণৰ আনন্দীবেন পেটেলৰ পৰা অনুমতি লাভ কৰিছে ৷

লগতে পঢ়ক : এখন শক্তিশালী ভাৰতৰ ভব্য প্ৰতীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.