নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ : বেংগালুৰুৰ আৰ আৰ নগৰত সংঘটিত হ'ল এক আশ্বৰ্যজনক ঘটনা ৷ এগৰাকী মাতৃৰ হাতত প্ৰাণ হেৰুৱালে 6 বছৰীয়া শিশুৱে ৷
দেবী নামৰ এগৰাকী 26 বৰ্ষীয় মহিলাই হত্যা কৰিলে পুত্ৰ মনিষক ৷ আৰ আৰ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত পাট্টানাগেৰে অঞ্চলত সংঘটিত হয় এই কাণ্ড ৷ ঘটনা সংঘটিত হোৱা দিনা মহিলাগৰাকী তীব্ৰ মূৰৰ বিষত আক্ৰান্ত হৈছিল ৷ সেই সময়তে মনিষে তেওঁক অশান্তি কৰাৰ লগতে 2 মহীয়া ভাতৃকো আক্ৰমণ কৰে ৷ সেই কথাতে ক্ষুণ্ণ হৈ মহিলাগৰাকীয়ে মনিষক গাৰুৰে উশাহ বন্ধ কৰি হত্যা কৰে ৷
ইয়াৰ পাচতে মহিলাগৰাকীয়ে নিজৰ স্বামীক ফোন কৰি মনিষ অচেতন হৈ পৰা বুলি মিছা মাতে ৷ পৰৱৰ্তী সময়ত তেওঁ পুত্ৰক হত্যা কৰা বুলি স্বীকাৰ কৰে ৷ আৰ আৰ নগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক : ক’ভিড-19ত আক্ৰান্ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডা