ETV Bharat / bharat

7 চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব তেলেংগানা বিধানসভাৰ বৰ্ষা অধিৱেশন - কে চি ৰাও

মুখ্যমন্ত্ৰী কে. চি. ৰাৱে মন্ত্ৰীসকলৰ লগতে বিষয়াসকলক অধিৱেশনৰ বাবে যো-যা কৰিবলৈ আহ্বান জনায় ৷ এইবেলি অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ খচৰা তথা সিদ্ধান্তৰ ওপৰতো আলোচনা কৰা হ’ব বুলিও ব্যক্ত কৰে ৷ আনহাতে অধিৱেশনৰ সময়ছোৱাত কোভিড 19ৰ নিয়মাৱলী অনুসৰি সদস্যসকলক সামাজিক দূৰত্ব বাজই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে আইন পৰিক্ৰমা মন্ত্ৰী প্ৰশান্ত ৰেড্ডী আৰু তেলেংগানা আইনসভাৰ সম্পাদক ভি নৰসিংহ ছাৰয়ুলুক নিৰ্দেশ প্ৰদান কৰে ৷

monsoon session of the Telangana Legislature will convene from September 7
7 চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব তেলেংগানা বিধানসভাৰ বৰ্ষা অধিৱেশন
author img

By

Published : Aug 18, 2020, 11:19 AM IST

নেশ্যনেল ডেক্স,18 আগষ্টঃ 7 চেপ্তেম্বৰৰ পৰা বিধানসভাৰ বৰ্ষা অধিৱেশন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেলেংগানা চৰকাৰে ৷ সোমবাৰে প্ৰগতি ভৱনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চি ৰাৱে এক উচ্চস্তৰীয় বৈঠকত মিলিত হোৱাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

মুখ্যমন্ত্ৰীৰ লগতে অন্যান্য মন্ত্ৰীসকলে বিচাৰ কৰিছিল যে, 15 দিনীয়া কাৰ্যদিৱসৰ সৈতে 20 দিনৰ বাবে অধিৱেশন আয়োজন কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চৰ্চা কৰা হ’ব ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হৈছে ৷

মুখ্যমন্ত্ৰী ৰাৱে মন্ত্ৰীসকলৰ লগতে বিষয়াসকলক অধিৱেশনৰ বাবে যো-যা কৰিবলৈ আহ্বান জনায় ৷ এইবেলি অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ খচৰা তথা সিদ্ধান্তৰ ওপৰতো আলোচনা কৰা হ’ব বুলিও ব্যক্ত কৰে ৷ আনহাতে অধিৱেশনৰ সময়ছোৱাত কোভিড 19ৰ নিয়মাৱলী অনুসৰি সদস্যসকলক সামাজিক দূৰত্ব বাজই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে আইন পৰিক্ৰমা মন্ত্ৰী প্ৰশান্ত ৰেড্ডী আৰু তেলেংগানা আইনসভাৰ সম্পাদক ভি নৰসিংহ ছাৰয়ুলুক নিৰ্দেশ প্ৰদান কৰে ৷

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত অন্য এখন বিজ্ঞপ্তিত তেলেংগানত বৰ্ষাৰ সময়ছোৱাত প্ৰায় 1.40 কোটি একৰ ভূমিত কৃষিকাৰ্য হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৷ ইয়াৰ পৰিণামস্বৰূপে সাৰৰ ব্যৱহাৰো বৃদ্ধি পাইছে ৷ বিগত বৰ্ষত 14 আগষ্টলৈকে ৰাজ্যখনত 8.6 লাখ টন সাৰ ব্যৱহাৰ কৰা হৈছিল ৷ বিজ্ঞপ্তিখনত এইবৰ্ষৰ 14 আগষ্টপৰ্যন্ত 15.89 লাখ টন সাৰ ব্যৱহাৰ হোৱাৰ তথ্য প্ৰকাশ পাইছে ৷

ইয়াৰ পৰা এইটো ধাৰণা কৰা হৈছে যে, এই বছৰ বাৰিষাৰ সময়ত 22.30 লাখ টন সাৰ ব্যৱহাৰ কৰা হ’ব ৷

লগতে পঢ়ক-চীনৰ গুপ্তচৰৰ সন্দেহত আটক প্ৰাক্তন চিআইএ বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.