নিউজ ডেস্ক, 22 চেপ্তেম্বৰ : দেওবাৰে আমেৰিকাৰ হষ্টন চহৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ হিষ্টচনত কাশ্মিৰী পণ্ডিতৰ এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীক ৷ কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 আৰু 35 (ক) ৰ বিশেষ অধিকাৰ কৰ্তন কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক সমৰ্থন আগবঢ়াই কাশ্মিৰী পণ্ডিতৰ দলটোৱে ৷ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে শিখ সম্প্ৰদায়ৰ এক প্ৰতিনিধিৰ দলকো সাক্ষাৎ কৰে ৷
দাউদি বহৰা সম্প্ৰদায়ৰ এটি প্ৰতিনিধি দলৰ সৈতেও মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ প্ৰতিনিধিৰ দলটোৱে নিজ পৰম্পৰাগত অংগব্ৰস্ত্ৰৰে মোদীক সম্ভাষণ জনোৱাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত মোদীৰ সৈতে আলোচনাত মিলিত হয় ৷
উল্লেখ্য যে, সাতদিনীয়া কাৰ্যসূচীৰে আমেৰিকাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী ৷ 'হাউদি মোদী ' নামৰ এক অনুষ্ঠানত 50হাজাৰ প্ৰৱাসী ভাৰতীয়ক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে ৷