নিউজ ডেস্ক, 22 ছেপ্তেম্বৰ : দেওবাৰে আমেৰিকাৰ হাষ্টটনৰ NRG ষ্টেডিয়ামত অনুষ্ঠিত হয় 'হাউদি মোডী' শীৰ্ষক এক অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ ভাৰত আৰু আমেৰিকাৰ মাজৰ বৈদেশিক সম্পৰ্ক সুদৃঢ় হোৱাৰ উদ্দেশ্যৰে আমেৰিকাবাসী ভাৰতীয় সকলে আয়োজন কৰে এই কাৰ্যসূচীৰ ৷ মোডীয়ে এই অনুষ্ঠানত প্ৰায় 50 হাজাৰ ভাৰতীয়ক সম্বোধন কৰে ৷ এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিজন ভাৰতীয়ই জন্মু-কাশ্মীৰৰ পৰা মোডী চৰকাৰে 370 অনুচ্ছেদ বাতিল কৰা সিদ্ধান্তক শলাগ জনোৱাৰ লগতে মোডী এজন সুখ্যাত ৰাজনৈতিক বুলিও মন্তব্য কৰে প্ৰতিজন ভাৰতীয়ই ৷
ইফালে, প্ৰধানমন্ত্ৰী মোডীয়ে হাউদি মোডী অনুষ্ঠানত পাকিস্তানক লক্ষ্য কৰি কয়,-আমি সন্ত্ৰাসবাদীৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম ৷ উচিত সময়ত সন্ত্ৰাসবাদীক আৰু শত্ৰু পক্ষক উচিত প্ৰত্যুত্তৰ দিম ৷ মো়ডীৰ এই ভাষণত উৎসাহিত হৈ পৰে আমেৰিকাবাসী তথা প্ৰবাসীসকল ৷