শ্বিলং,13 ডিচেম্বৰঃ কেব বিৰোধী আন্দোলনৰ বাবে উদ্ভৱ হোৱা আইন-শৃংখলাজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ পাছত মেঘালয়ৰ পৰা 48 ঘণ্টাৰ বাবে সাময়িকভাৱে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা ৷ অহা 48 ঘণ্টাত বৃহস্পতিবাৰে সন্ধিয়া 5 বজাৰ পৰা সমগ্ৰ মেঘালয়ত ইণ্টাৰনেট আৰু মেছেজ সেৱা সাময়িকভাৱে কৰ্তন কৰাৰ কথা উল্লেখ কৰে মেঘালয় গৃহ আৰক্ষী বিভাগে ৷ মেছেজ, হোৱাটছ এপ, ফেচবুক,টুইটাৰ আৰু ইউ টিউবৰ পৰা ৰাজহুৱা নিৰাপত্তাৰ বাবে উদ্ভৱ হ'ব পৰা আইনজনিত পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে মেঘালয় চৰকাৰে ৷
ইফালে অসমৰ 10 খন জিলাত আৰোপ কৰা ম'বাইল ইণ্টাৰনেট কৰ্তনৰ সময়সীমা অহা 48 ঘণ্টালৈ বৃ্দ্ধি কৰা হৈছে ৷
আৰু পঢ়কনাগৰিকত্ব সংশোধনী বিধেয়কত স্বাক্ষৰ প্ৰদান ৰাষ্ট্ৰপতিৰ