ETV Bharat / bharat

জন প্ৰতিনিধিৰ তৎপৰতাত সন্তান জন্ম দিলে মিজোৰামৰ মহিলাই - জেড আৰ থিয়ামসংগা

নগুৰ গাঁওৰ বাসিন্দা চি ললমাংগইহসংগী নামৰ 38 বৰ্ষীয় মহিলাগৰাকীয়ে প্ৰসৱজনিত বেদনাত চটফটাই থকাত স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল ৷ চম্পাইৰ চিকিৎসালয় কৰ্তৃপক্ষক এই বিষয়ে জনোৱাত তাত কৰ্মৰত চিকিৎসা বিষয়াগৰাকী ছুটীত থকাৰ কথা ব্যক্ত কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷ মহিলাগৰাকীৰ বিষয়ে জানিব পাৰি মিজোৰামৰ বিধায়ক জেড আৰ থিয়ামসংগাই চিকিৎসালয়ত উপস্থিত হৈ জৰুৰীকালীন অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৷

Mizoram legislator helps woman deliver baby as doctor was on leave Etv bharat news
জন প্ৰতিনিধিৰ তৎপৰতাত সন্তান জন্ম দিলে মিজোৰামৰ মহিলাই
author img

By

Published : Aug 11, 2020, 8:34 PM IST

আইজল,11 আগষ্ট: মিজোৰামৰ বিধায়ক জেড আৰ থিয়ামসংগাই ভূমিকম্পপ্ৰবণ এলেকা চম্পাই জিলাৰ পৰিস্থিতি পৰ্যবেক্ষণৰ উদ্দেশ্যে জিলাখনত উপস্থিত হৈছিল ৷ কিন্তু বিধায়কগৰাকীয়ে অঞ্চলটোৰ এগৰাকী মহিলাৰ প্ৰসৱজনিত জৰুৰীকালীন অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৷ কিয়নো মহিলাগৰাকীয়ে বাস কৰা অঞ্চলটো অতি দুৰ্গম হোৱা হেতুকে চিকিৎসক তাত উপস্থিত হ’ব পৰা নাছিল ৷ পেচাত এগৰাকী স্ত্ৰী আৰু প্ৰসূতি বিশেষজ্ঞ চিকিৎসক থিয়ামসংগাই জৰুৰীকালীন সময়ত সেৱা আগবঢ়াই আহিছে ৰোগীক ৷ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলত বিগত কিছুদিন পূৰ্বে ভূমিকম্পই কৰা ক্ষতিৰ উপৰিও কৰ’ণা ভাইৰাছৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিবলৈ বিধায়কগৰাকী অঞ্চলটোত উপস্থিত হৈছিল ৷

নগুৰ গাঁওৰ বাসিন্দা চি ললমাংগইহসংগী নামৰ 38 বৰ্ষীয় মহিলাগৰাকীয়ে প্ৰসৱজনিত বেদনাত চটফটাই থকাত স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল ৷ চম্পাইৰ চিকিৎসালয় কৰ্তৃপক্ষক এই বিষয়ে জনোৱাত তাত কৰ্মৰত চিকিৎসা বিষয়াগৰাকী ছুটীত থকাৰ কথা ব্যক্ত কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷ ইয়াৰোপৰি মহিলাগৰাকী উক্ত সময়ত প্ৰায় 200 কিল’মিটাৰ দূৰত্ব অতিক্ৰমী আইজলৰ চিকিৎসালয়লৈ ভ্ৰমণ কৰিব পৰা অৱস্থাত নাছিল ৷ মহিলাগৰাকীৰ বিষয়ে জানিব পাৰি বিধায়কগৰাকীয়ে চিকিৎসালয়ত উপস্থিত হৈ জৰুৰীকালীন অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৷ সম্প্ৰতি নৱজাতকৰ লগতে মাতৃগৰাকী সম্পূৰ্ণ সুস্থ অৱস্থাত থকাৰ কথা ব্যক্ত কৰে বিধায়কগৰাকীয়ে ৷ থিয়ামসংগাই এগৰাকী জন প্ৰতিনিধিৰ দায়িত্ব জনসাধাৰণৰ সেৱা কৰা বুলি ব্যক্ত কৰে ৷

উল্লেখ্য যে, জন প্ৰতিনিধি গৰাকীয়ে 2018 চনত মিজো নেশ্যনেল ফ্ৰণ্টৰ পৰা দলীয় টিকট লাভ কৰি নিৰ্বাচনত অংশগ্ৰহণ কৰি কংগ্ৰেছ বিধায়ক টিটি ঝোটসংগাক পৰাস্ত কৰে ৷ থিয়ামসংগাই বৰ্তমান ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ব’ৰ্ডৰ উপাধ্যক্ষৰ পদত ন্যস্ত আছে ৷

লগতে চাওকঃ গোৱাত সুৰংগৰ দেৱাল খহি ব্যাহত ৰে’লসেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.