মিজোৰাম, 25 জানুৱাৰী : মিজোৰামত ক'ভিড -19 আক্ৰান্তৰ সংখ্যা লাহে লাহে নিম্নগামী হৈছে ৷ জানিব পৰা মতে 24 জানুৱাৰীৰ দিনটোত ৰাজ্যখনত এগৰাকীও লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হোৱা নাই আৰু জ'ৰাম চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ কোনো নমুনাও পৰীক্ষা কৰা হোৱা নাই ৷
প্ৰাপ্ত তথ্য অনুসৰি জিলা খনৰ বিভিন্ন পৰীক্ষাগাৰত পৰীক্ষা কৰা মুঠ 45 টা নমুনাৰ ভিতৰত কোনো লোকেই ক'ভিডত আক্ৰান্ত হোৱা নাই ৷ সেই অনুসৰি 25 জানুৱাৰীত ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে পৰীক্ষা কৰা 75 টা নমুনাৰ ভিতৰতো কোনো লোক ক'ভিডত আক্ৰান্ত হোৱা নাই ৷
ৰাজ্যখনত বৰ্তমানলৈকে 2,01,241 টা নমুনাৰ পৰীক্ষণ হোৱাৰ পৰিৱৰ্তে ৰাজ্যখনত বৰ্তমান 4,351 গৰাকী ক'ভিড-19 আক্ৰান্ত লোক আছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত মুঠ ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 2.16 শতাংশ ৷
জানিব পৰা মতে 25 জানুৱাৰীৰ দিনটোত ৰাজ্যখনত 9 গৰাকী লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ৷ ইয়াৰ লগে লগে ৰাজ্যখনত বৰ্তমান ক'ভিডত আক্ৰান্তৰ মুঠ হৈছেগৈ 44 গৰাকী ৷
লগতে পঢ়ক:ভাৰত-চীনৰ নৱমলানি আলোচনাৰ মাজতেই সীমান্তত পুনৰ সংঘাত