মিজোৰাম, ৮ জানুৱাৰী: মিজোৰামৰ জ’ৰাম চিকিৎসা মহাবিদ্যালয়ৰ আৰ টি- পি চি আৰ পৰীক্ষাগাৰত সম্পন্ন কৰা ২৭৮ টা নমুনা পৰীক্ষাৰ অন্তত এজনৰ দেহত দেহত Covid-১৯ পজিটিভ ধৰা পৰিছে । ৩১ বছৰীয়া আক্ৰান্ত মহিলাগৰাকী উত্তৰাখণ্ডৰ পৰা আহিছিল । আক্ৰান্ত মহিলাগৰাকীৰ দেহত পূৰ্বে কৰ'ণা ভাইৰাছৰ কোনোধৰণৰ লক্ষণ পৰিলক্ষিত হোৱা নাছিল । সম্প্ৰতি মহিলাগৰাকী হোম কোৱাৰেন্টাইনত আছে ।
ৰাজ্যখনৰ অন্যান্য জিলাসমূহৰ TrueNAT পৰীক্ষাগাৰত কৰা ১৩৪ টা নমুনাৰ ভিতৰত এটাও Covid-১৯ ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ অহা নাই ।
ইফালে ৬৮০ টা ৰেপিড এন্টিজেন্টৰ পৰীক্ষাত দুজনৰ Covid-১৯ পজিটিভ ধৰা পৰে । আক্ৰান্ত দুগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছিল । ইয়াৰে ২৫ বচৰীয়া এজন যুৱক আৰু আনগৰাকী ৫২ বছৰীয়া এগৰাকী মহিলা ।
মিজোৰামত বৃহস্পতিবাৰে তিনিজনৰ দেহত ধৰা পৰিছে Covid-১৯ ৰ উপস্থিতি ।
উল্লেখ্য যে, ৭ জানুৱাৰীত ৰাজ্যখনত মুঠ ১০৯২ টা নমুনা পৰীক্ষণ কৰা হৈছে আৰু ইয়াৰে ০.২৭% পজিটিভ কেচ পোৱা গৈছে । এতিয়ালৈ ৰাজ্যখনত ১,৮৫,১৬১ টা নমুনা পৰীক্ষা কৰা গৈছে । ইয়াৰ ভিতৰত ২.৩০% পজিটিভ কেচ পোহৰলৈ আহে ।
৮ জানুৱাৰী পুৱা ৭ বজাৰ তথ্য় অনুসৰি, ৰাজ্যখনত ৪২৫৯ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে 8 গৰাকী লোকৰ মৃত্যু ঘটিছে । সুস্থ হোৱা লোকৰ সংখ্যা ৪১৭২ জনৰ বিপৰীতে ৮২ টা সক্ৰিয় ঘটনা । ৰাজ্যখনত ৯৭.৯৫% সুস্থ হোৱা লোকৰ হাৰ ।
লগতে পঢ়ক: দেৱ-দেৱীৰ নামত বিজ্ঞাপন প্ৰচাৰত নিষেধাজ্ঞা বোম্বে উচ্চ ন্যায়ালয়ৰ