নিউজ ডেস্ক, 9মাৰ্চ : মিজোৰামত গৃহীত হ'ব সুৰা নিষিদ্ধকৰণ বিধেয়ক। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰামঠাংগাই শুকুৰবাৰে অনুমোদন জনাই এই বিধেয়ক।
আগন্তুক 20মাৰ্চৰ পৰা অনুষ্ঠিত হ'বলগীয়া মিজোৰাম বিধানসভাৰ বাজেট অধিৱেশনত গৃহীত কৰা হ'ব মিজোৰাম সুৰা নিষিদ্ধকৰণ বিধেয়ক,2019 । নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা মিজোৰাম বিধানসভা নিৰ্বাচনৰ সময়তে ৰাজ্যখনত সুৰা নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল শাসনাধিষ্ঠিত দল মিজো নেশ্বনেল ফ্ৰণ্ট (MNF) এ।