ETV Bharat / bharat

চৰকাৰৰ ভূল নীতিৰ বাবেই দেশে এই সংকটৰ সম্মুখীন হৈছে : ছোনিয়া গান্ধী - বিজেপিক সমালোছনা

"ভয়াৱহ আৰ্থিক সংকট, কোভিড-১৯ মহামাৰীৰ পাছত এতিয়া চীনৰ সৈতে সীমা বিবাদক লৈ দেশে ভয়ংকৰ পৰিস্থিতিৰ সম্মুখীন হৈছে। ইয়াৰ ফলত দেশবাসীৰ মনত ভয় ভাৱৰ সৃষ্টি হোৱাৰ লগতে দেশৰ নিৰাপত্তা তথা অখণ্ডতাৰ প্ৰতি ভাবুকি আহি পৰিছে ।" বিজেপিক সমালোচনা কৰি এই মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে।

ছোনিয়া গান্ধী
Mismanagement, wrong policies by Centre causing crisis in nation: Sonia Gandhi at CWC
author img

By

Published : Jun 23, 2020, 7:08 PM IST

নিউজ ডেস্ক, ২৩ জুনঃ মঙলবাৰে কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হয় কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনীয়া গান্ধী। ভাৰত-চীন সীমা বিবাদ আৰু দেশৰ কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতিক লৈ ভিডিঅ' কনফাৰেঞ্চযোগে আলোচনা মিলিত হয় সভানেত্ৰীগৰাকী। এই আলোচনাত উপস্থিত থাকে প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিডাম্বৰম, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগতে কেইবাগৰাকীও নেতা। ছোনিয়া গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্ত আলোচনা সভাত বিজেপিৰ নীতিগত দোষক লৈ তীব্ৰ সমালোচনা কৰে নেত্ৰীগৰাকীয়ে।

Mismanagement, wrong policies by Centre causing crisis in nation: Sonia Gandhi at CWC
চৰকাৰৰ ভূল নীতিৰ বাবেই দেশে এই সংকটৰ সম্মুখীন হৈছেঃ ছোনিয়া গান্ধী

"ভয়াৱহ আৰ্থিক সংকট, কোভিড-১৯ মহামাৰীৰ পাছত এতিয়া চীনৰ সৈতে সীমা বিবাদক লৈ দেশে ভয়ংকৰ পৰিস্থিতিৰ সম্মুখীন হৈছে। বিজেপি নেতৃত্ত্বাধীন এনডিএ চৰকাৰৰ ভূল পৰিচালনা নীতিৰ বাবে দেশে এনে এক পৰিস্থিতিৰ সম্মুখীন হ'বলগীয়া হৈছে। ইয়াৰ ফলত দেশবাসীৰ মনত ভয় ভাৱৰ সৃষ্টি হোৱাৰ লগতে দেশৰ নিৰাপত্তা তথা অখণ্ডতাৰ প্ৰতি ভাবুকি আহি পৰিছে ।" কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ সদস্যসকলৰ সৈতে আলোচনাত বিজেপিক সমালোচনা কৰি এই কথা উল্লেখ কৰে ছোনিয়া গান্ধীয়ে।

তেওঁ লগতে কয় যে," ইয়াৰ পূৰ্বেও আমি দেশৰ আৰ্থিক অৱস্থাত লৈ আলোচনাত বহিছিলো।" মোডী নেতৃত্ত্বাধীন চৰকাৰে আৰ্থিক মন্দাৱস্থা সন্দৰ্ভত কোনোৱাই মন্তব্য কৰিলে শুনিব নোখোজে বুলি উল্লেখ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তদুপৰি ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগসমূহৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা সন্দৰ্ভতো মন্তব্য কৰে ছোনীয়া গান্ধীয়ে।

বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য ধাৰাবাহিকভাৱে হ্ৰাস পোৱাৰ সময়তে দেশত বিগত ১৭ দিন ধৰি বৃদ্ধি পাইছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। এই মূল্য বৃদ্ধিৰ ফলত দেশবাসীৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। ৪২ বছৰৰ পাছত দেশে এনে আৰ্থিক মন্দাৱস্থাৰ সম্মুখীন হৈছে বুলি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশত এনে পৰিস্থিতি অব্যাহত থাকিলে নিৱনুৱা সমস্যা অধিক হোৱাৰ লগতে দেশবাসীৰ আয় হ্ৰাস পাব বুলি ছোনীয়া গান্ধীয়ে উল্লেখ কৰে।

লগতে পঢ়ক : সংখ‍্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ সন্দৰ্ভত সৰৱ আমছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.