ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত গছৰ তলত ৰোগীৰ চিকিৎসা ! - মিৰ্জাপুৰ

চৰম দায়িত্বহীনতাৰ পৰিচয় দি উত্তৰ প্ৰদেশৰ এখন প্ৰাথমিক চিকিসালয়ত গছৰ তলত ৰোগীক চিকিৎসা কৰাৰ অভিযোগ উত্থাপন হৈছে । হাস্পতাল কতৃপক্ষৰ এনে কাৰ্যত ক্ষোভিত হৈ প্ৰতিবাদ সাব্য়স্ত কৰে স্থানীয় ৰাইজে ।

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত গছৰ তলত ৰোগীৰ চিকিৎসা !

author img

By

Published : Jan 3, 2021, 9:23 PM IST

নিউজ ডেস্ক ,৩ জানুৱাৰী : উত্তৰ প্ৰদেশত স্বাস্থ্য় বিভাগৰ উন্নয়নৰ এক ওলোটা ছবি শেহতীয়াকৈ পোহৰলৈ আহিছে । চৰম দায়িত্বহীনতাৰ পৰিচয় দি ৰাজ্য় খনৰ এখন প্ৰাথমিক চিকিসালয়ত গছৰ তলত ৰোগীক চিকিৎসা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে । ৰাজ্য়খনৰ মিৰ্জাপুৰ প্ৰাথমিক স্বাস্থ্য় কেন্দ্ৰৰ চিকিৎসক নাৰ্চসকলে দেওবাৰে গছৰ তলত ৰোগীক চিকিৎসা কৰাৰ গুৰুতৰ অভিযোগ এগৰাকী ৰোগীৰ পৰিয়ালৰ । ঘটনাৰ পাছতে ৰোগীৰ পৰিয়ালে হাস্পতালৰ দুৰ্বল আন্তঃগাঁঠনিৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰিলে ।

উল্লেখ যে হৰসাদ গাঁৱত পৰিয়ালকেন্দ্ৰিক এক সংঘাতৰ বাবে বিহপান কৰা এগৰাকী মহিলাক চিকিৎসাৰ বাবে লৈ গৈছিল আৰু হাস্পতাল খনৰ স্বাস্থ্য় কৰ্মী সকলে গছৰ ছাঁতে ২ ঘন্টা ধৰি মহিলা গৰাকীক চিকিৎসা কৰাৰ অভিযোগ তুলিছে তেওঁৰ পৰিয়ালে । তাৰ পাছতে মহিলাগৰাকীৰ পৰিয়াল আৰু আন লোকসকলে হাস্পতাল কতৃপক্ষৰ এই কাৰ্যত ক্ষোভিত হৈ প্ৰতিবাদ সাব্য়স্ত কৰে । তেওঁলোকৰ অভিযোগ দীৰ্ঘদিন ধৰি হাস্পতালখনত তেনেদৰেই ৰোগীৰ চিকিৎসা কৰি থকা হৈছে । ৰাজ্য়ৰ চিকিৎসালয়সমূহত ন্যূনতম সুবিধা নথকাৰো অভিযোগ প্ৰতিবাদকাৰীসকলৰ । বহু হাস্পতালৰ এই দুৰৱস্থাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিছে কিন্তু কোনো শীৰ্ষ বিষয়া অথবা মন্ত্ৰীয়ে তেওঁলোকৰ কথাত গুৰুত্ব দিয়া নাই বুলিও ক্ষোভ উজাৰে উত্তেজিত ৰাইজে ।

অৱশ্য়ে ইয়াৰ মাজতে হাস্পতালখনৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰতিবাদকাৰীৰ এই অভিযোগ নস্যাৎ কৰি কয় যে তেওঁলোকে বিহপান কৰা মহিলাগৰাকীক বমি কৰোৱাৰ বাবেহে চেষ্টা কৰিছিল গছৰ তলত ।

লগতে পঢ়ক :2019ৰ পৰা দেশৰ 161খন জিলা সন্ত্ৰাসবাদৰ কৱলত পৰিছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.