ETV Bharat / bharat

আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে কৰিব তিনিদিনীয়া ভাৰত ভ্ৰমণ - ETV BHARAT

ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্বন্ধ মজবুত কৰাৰ উদ্দেশ্যে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী পম্পিয়োই কৰিব ভাৰতৰ তিনিদিনীয়া যাত্ৰা ৷ দ্বিতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰ গঠন হোৱাৰ পাছত পম্পিয়োৰ এইবাৰেই হ'ব প্ৰথমবাৰৰ বাবে ভাৰত যাত্ৰা ৷

আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে কৰিব তিনিদিনীয়া ভাৰত যাত্ৰা
author img

By

Published : Jun 21, 2019, 8:14 AM IST

নতুন দিল্লী,20 জুন: আমেৰিকাৰ দ্বাৰা সঘনে ভাৰতৰ ওপৰত দি থকা চাপৰ মাজতে 25ৰ পৰা 27 জুনলৈ আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়োই তিনিদিনীয়া ভাৰত ভ্ৰমণ কৰিব ৷ নিৰ্বাচনৰ পাচত দুয়োখন দেশৰ মাজত এইখনেই হ'ব প্ৰথমখন উচ্চস্তৰীয় বৈঠক ৷

বৃহস্পতিবাৰে বিদেশ মন্ত্ৰণালয়ৰ প্ৰবক্তা ৰবীশ কুমাৰে এই সন্দৰ্ভত জানিবলৈ দি কয় যে এই যাত্ৰাকালত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে ভাৰতৰ নৱনিৰ্বাচিত বৈদেশিক মন্ত্ৰী এচ.জয়শংকৰৰ লগতে আন কেইবাগৰাকীও বিষয়াৰ সৈতে বৈঠকত মিলিত হ'ব ৷

ৰবীশ কুমাৰে জানিবলৈ দিয়া মতে, এই যাত্ৰাকালত দুয়ো পক্ষৰ মাজৰ ৰণনীতি মজবুত কৰাৰ বাবে উচ্চস্তৰীয় বৈঠকত মিলিত হ'ব ৷

উল্লেখ্য যে, আমেৰিকাই ভাৰতক ৰাছিয়াৰ সৈতে এছ 400ৰ ডীল সমাপ্ত কৰাৰ বাবে সঘনে চাপ দি আছে ৷ আনফালে ইৰাণৰ সৈতে থকা সম্পৰ্কৰ বাবে আমেৰিকাই ভাৰতক দুটা বৃহৎ চাপলাইয়াৰ্চৰ ওপৰতো নিষেধাজ্ঞা জাৰী কৰি থৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.