ETV Bharat / bharat

লক্ ডাউনৰ মাজত দুৰ্ভগীয়া পিতৃৰ কান্দোন ! - উৰণীয় সেতুৰ তলত কান্দোন দুৰ্ভগীয়া পিতৃৰ !

লক্ ডাউনৰ মাজতেই এক হৃদয় বিদাৰক ঘটনা । বহিঃৰাজ্যত লক্ ডাউনত আৱদ্ধ পিতৃ । ইফালে নিজ গৃহত মৃত্যু ৮ মহীয়া পুত্ৰ সন্তানৰ । গৃহভূমিলৈ যোৱাৰ পথত সীমান্তত আৰক্ষীৰ বাধা ।

Migrant worker breaks down while Talking to family member on phone

author img

By

Published : May 16, 2020, 8:12 AM IST

Updated : May 16, 2020, 10:21 AM IST

নিউজ ডেস্ক, ১৬ মে': কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখিয়ে দেশত বলৱৎ কৰা হৈছে লক্ ডাউন । বৰ্তমান দেশত চলি আছে তৃতীয় পৰ্যায়ৰ লক্ ডাউন । লক্ ডাউনৰ মাজতেই পোহৰলৈ আহিছে এটি হৃদয় বিদাৰক ঘটনা । বহু প্ৰব্ৰজিত শ্ৰমিকৰ দৰে লক্ ডাউনত বিহাৰৰ এজন শ্ৰমিকো আৱদ্ধ হৈ আছে ৰাজধানী চহৰ দিল্লীত । কিন্তু লক্ ডাউনৰ মাজতেই বিহাৰত নিজৰ আঠ মহীয়া পুত্ৰ সন্তানৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰে পিতৃয়ে ।

লক্ ডাউনৰ মাজতেই এক হৃদয় বিদাৰক ঘটনা

পুত্ৰৰ বিয়োগৰ খবৰ লাভ কৰিয়ে ৰাম পুকাৰে নামৰ দুৰ্ভগীয়া শ্ৰমিকজনে বিহাৰলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু বিহাৰলৈ যাত্ৰা কৰা ৰামক দিল্লী-উত্তৰ প্ৰদেশ সীমান্ততেই বাধা আৰোপ কৰে আৰক্ষীয়ে । ফলত গাজিপুৰ উৰণীয়া সেঁতুৰ তলতেই তিনি দিন ধৰি উপযুক্ত আহাৰৰ অভাৱৰ মাজতেই দিন পাৰ কৰিবলগীয়া হয় শ্ৰমিকজনে । পিচত উপায়ন্তৰ হৈ ফোন যোগে পৰিয়ালৰ সৈতে কথা পাতি কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া পিতৃগৰাকী । লোক জনৰ অৱস্থা দেখি পিচত এগৰাকী আৰক্ষী কৰ্মীয়ে তেওঁক উদ্ধাৰ কৰি লৈ যায় ।

আৰক্ষী কৰ্মীগৰাকীৰ মতে, পিচত পূৱ-দিল্লী জিলা দণ্ডাধীশক লোকজনৰ বিষয়ে অৱগত কৰাত সহায়ৰ হাত আগবঢ়াই ৰাম পুকাৰ নামৰ দুৰ্ভগীয়া পিতৃগৰাকীক নিজ গাঁও বেগুচাৰাইলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হয় ৷

Last Updated : May 16, 2020, 10:21 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.