ETV Bharat / bharat

পশ্চিম বংগত লক্ ডাউনৰ নীতি-নিয়ম উলংঘা ! - কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়

পশ্চিম বংগৰ কোনো কোনো ঠাইত লক্ ডাউনৰ শিথিলতাক লৈ উদ্বেগ প্ৰকাশ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ । বহু কেইটা ঠাইত লক্ ডাউন ভংগৰ অভিযোগ । বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক ।

MHA objects to 'violation' of lockdown in West Bengal, writes to chief secy, DGP

author img

By

Published : Apr 12, 2020, 2:19 PM IST

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পশ্চিম বংগৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰি ৰাজ্যখনৰ বহু কেইটা স্থানত শাক-পাচলি, মাছ, মাংস বজাৰত কোনো নিয়ম-নীতি অবিহনে সামাজিক দূৰত্ব নিয়ম উলংঘা কৰাৰ কথা উল্লেখ কৰি উদ্বেগ প্ৰকাশ কৰে ।

লগতে পশ্চিম বংগত ক্ৰমাৎ শিথিল হ'বলৈ ধৰা লক্ ডাউনৰ প্ৰভাৱক লৈও আপত্তি দৰ্শায় । অনা-আৱশ্যকীয় দোকান পোহাৰ খোলাৰ নিৰ্দশ দিয়াৰ লগতে পুলিছে ধৰ্মীয় সমাৰোহৰ অনমুতি দিয়া বুলি উল্লেখ কৰে গৃহমন্ত্ৰণালয়ে ।

গৃহমন্ত্ৰণালয়ৰ পত্ৰখনত উল্লেখ কৰা হৈছে যে, সুৰক্ষা সংস্থাৰ তথ্য অনুসৰি ৰাজ্যখনত লক্ ডাউনত শিথিলতা দেখিবলৈ পোৱা গৈছে । আনহাতে অনা আৱশ্যকীয় দোকান খোলাৰো অনুমতি দিয়া হৈছে । কোনো নিয়ম-নীতি অবিহনেই কলকাতাৰ ৰাজাবজাৰ, নাৰকেল দাঙা, টপছিয়া, মেটিয়াবাৰ্জ, গাৰ্ডনৰিচ, ইকৱালপুৰ, মানিকটলা শাক-পাচলি, মাছ, মাংস বজাৰত সামাজিক দূৰত্ব নীতি উলংঘন কৰা হৈছে । শেহতীয়াকৈ নাৰকেল দাঙাত বহু কেইটা Covid-১৯ ৰ আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল ।

পত্ৰখনত লগতে উল্লেখ কৰা হৈছে, পুলিছ প্ৰশাসনে ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰাৰ অনুমতি দিয়াৰ কথা । আনহাতে ৰাজনৈতিক নেতা সকলে বিনামূলীয়া ৰেচন সংস্থাগত বিতৰণ প্ৰণালী অবিহনে বিতৰণ কৰিছে বুলি উল্লেখ কৰিছে । ইয়াৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক বুলিও উল্লেখ কৰা হৈছে । এনে ধৰণৰ কাৰ্য সমূহ ভাৰতীয় দণ্ড বিধিৰ অধীনত দণ্ডনীয় অপৰাধ আৰু এই সন্দৰ্ভত শীঘ্ৰেই বিহিত ব্য়ৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.