ETV Bharat / bharat

শ্ৰীনগৰৰ এনকাউন্টাৰ সন্দৰ্ভত লেফটেনেন্ট গভৰ্ণৰলৈ পত্ৰ প্ৰেৰণ মেহবুবা মুফতিৰ - লেফটেনেন্ট গভৰ্ণৰ মনোজ সিনহা

শ্ৰীনগৰৰ লাৱেপৰাৰ এনকাউন্টাৰত মৃত্যু হোৱা তিনি যুৱকৰ সন্দৰ্ভত নিৰপেক্ষ তদন্ত বিছাৰি লেফটেনেন্ট গভৰ্ণৰ মনোজ সিনহালৈ পত্ৰ প্ৰেৰণ কৰিলে PDP মূৰব্বী মেহবুবা মুফতিয়ে ৷ পত্ৰ প্ৰেৰণ কৰি মেহবুবা মুফতিয়ে ক'লে, নিৰাপত্তা বাহিনীয়ে সন্দেহজনক ভাৱে অচিনাক্ত যুৱকক এনকাউন্টাৰ কৰা কাৰ্যই নাগৰিকৰ নিৰাপত্তাক ধ্বংস কৰা লগতে মানৱ অধিকাৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে ৷

mehbooba-mufti-seeks-impartial-probe-into-lawaypora-encounter
শ্ৰীনগৰৰ এনকাউন্টাৰ সন্দৰ্ভত মনোজ সিনহালৈ পত্ৰ প্ৰেৰণ মেহবুবা মুফতিৰ
author img

By

Published : Jan 1, 2021, 10:48 PM IST

নিউজ ডেস্ক, 1 জানুৱাৰী : জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ লাৱেপৰা অঞ্চলত যোৱা দুদিনৰ আগত তিনি যুৱকৰ ওপৰত হোৱা এনকাউন্টাৰৰ ঘটনাৰ নিৰপেক্ষ তদন্ত বিছাৰি লেফটেনেন্ট গভৰ্ণৰ মনোজ সিনহালৈ পত্ৰ প্ৰেৰণ কৰিলে PDP মূৰব্বী মেহবুবা মুফতিয়ে ৷

পত্ৰ যোগে তেওঁ কয়, এনকাউন্টাৰত মৃত্যু হোৱা তিনি যুৱকৰ মৃত দেহ পৰিয়ালৰ লোকক গতাই দিব লাগে আৰু এই ঘটনাৰ নিৰপেক্ষ তদন্ত হ'ব লাগে ৷ নিৰাপত্তা বাহিনীয়ে সন্দেহজনক ভাৱে অচিনাক্ত যুৱকক এনকাউন্টাৰ কৰা কাৰ্যই নাগৰিকৰ নিৰাপত্তাক ধ্বংস কৰা লগতে মানৱ অধিকাৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰে বুলি মত প্ৰকাশ কৰিছে PDP মূৰব্বী গৰাকীয়ে ৷

উল্লেখ্য যে, বুধবাৰে শ্ৰীনগৰৰ লাৱেপৰা অঞ্চলত নিৰাপত্তা বাহিনী এনকাউন্টাত সন্থাসবাদীৰ লগত জড়িত তিনি যুৱকৰ মৃত্যু হোৱা তথ্য প্ৰকাশ কৰিছিল ৷ ইয়াৰ বিপৰীতে যুৱক কেইজনৰ পৰিয়ালে এই তথ্য স্বীকাৰ কৰিব পৰা নাছিল ৷ পৰিয়ালে সদৰি কৰা মতে উক্ত তিনিজনৰ ভিতৰত এজন সাধাৰণ যুৱক আৰু দুগৰাকী ছাত্ৰ আছিল ৷

লগতে পঢ়ক: বিগত দুটা বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.