Intro:Body:
নিউজ ডেস্ক, 8 জুলাই : শ্বিলঙত লক্ ডাউন সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই মেঘালয় চৰকাৰে ৷ মুখ্যমন্ত্ৰী কনৰাড্ চাংমাই সদৰী কৰে এই কথা ৷ 10 জুলাইৰ পৰা শ্বিলঙত লক্ ডাউন আৰম্ভ হ'ব বুলি এটা ভুৱা বাতৰি প্ৰচাৰ হৈছিল ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াক নস্যাৎ কৰি কয় যে, মেঘালয় চৰকাৰে বৰ্তমানলৈকে এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷
উল্লেখ্য যে, মেঘালয়ত বৰ্তমানলৈকে 80 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে আৰু ইয়াৰে 43 গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে ৷ ৰাজ্যখনত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা এজন ৷
লগতে পঢ়ক : বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান বিচাৰি গণ আন্দোলনৰ হুংকাৰ আছুৰ