ETV Bharat / bharat

MEA ৰ ঘোষণা : ছাৰ্ক ৰাষ্ট্ৰসমূহৰ বাবে COVID-19 প্ৰশিক্ষণ আঁচনি

author img

By

Published : Apr 17, 2020, 10:43 PM IST

ছাৰ্ক দেশসমূহক COVID-19 ৰ প্ৰশিক্ষণ আগবঢ়োৱা হ'ব ৷ এই ঘোষণা বৈদেশিক মন্ত্ৰণালয়ৰ ৷

ছাৰ্ক ৰাষ্ট্ৰসমূহৰ বাবে COVID-19 প্ৰশিক্ষণ আঁচনি
MEA ৰ ঘোষণা

নেশ্যনেল ডেস্ক, 17 এপ্ৰিল : ছাৰ্ক ৰাষ্ট্ৰসমূহৰ স্বাস্থ্য বিষয়াসকললৈ COVID-19 প্ৰশিক্ষণ আঁচনি গ্ৰহণ কৰিছে নতুন দিল্লীয়ে ৷ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে USD 10 million SAARC COVID-19 সাহাৰ্য, Rapid Response Team ৰ চিকিৎসকৰ সহায় হোৱাকৈ আগবঢ়াব এই প্ৰশিক্ষণৰ ব্যৱস্থা ৷

বৈদেশিক মন্ত্ৰণালয়ৰ অধীনত ITEC -- Indian Technical and Economic Program য়ে ৱেবৰ আধাৰত চুবুৰীয়া ৰাষ্ট্ৰক COVID-19ৰ বিভিন্ন ৰণনীতি আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন বিষয় সম্পৰ্কত প্ৰশিক্ষণ আগবঢ়াব ৷

বৈদেশিক মন্ত্ৰণালয়ে ঘোষণা কৰে যে, ছাৰ্ক ৰাষ্ট্ৰসমূহৰ বাবে এনেধৰণৰ বিনামূলীয়া আৰু ভাৱ বিনিময় প্ৰশিক্ষণ আগবঢ়োৱা হ'ব ৷ ইয়াৰ জৰিয়তে ছাৰ্ক ৰাষ্ট্ৰসমূহৰ স্বাস্থ্য বিভাগৰ লোকসকলে উন্নত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে বৈদেশিক মন্ত্ৰণালয়ে ৷

প্ৰায় 45 মিনিটৰ পৰা 60 মিনিটৰ এই প্ৰশিক্ষণ আগবঢ়োৱাৰ লগতে COVID-19 ৰ বিভিন্ন দিশ, সংক্ৰমণ ৰোধৰ ব্যৱস্থা, চিকিৎসা আৰু চিকিৎসালয়ৰ পৰিচালনা সম্পৰ্কত প্ৰশিক্ষণ আগবঢ়োৱা হ'ব ৷

17 এপ্ৰিলৰ পৰা AIIMS-ৰায়পুৰে 'COVID-19 Pandemic: Prevention and Management Guidelines for Health Care Professional' বিষয়ত চাৰিটাকৈ পাঠদান আগবঢ়াব ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.