কাটৰা,16 আগষ্ট: প্ৰায় পাঁচ মাহৰ অন্তত প্ৰৱেশদ্বাৰ খুলিব হিন্দুসকলৰ ধৰ্মীয় অনুষ্ঠান বৈষ্ণু দেৱী মন্দিৰৰ ৷ মন্দিৰ পৰিচালনা কৰ্তৃপক্ষৰ ফালৰ পৰা ঘোষণা কৰা হৈছে এই কথা ৷ বিষয় প্ৰসংগত উৎফুল্লিত হৈ প্ৰশান্ত শৰ্মা নামৰ ব্য়ক্তিগৰাকীয়ে এতিয়াৰে পৰা ভক্তসকলে মন্দিৰ দৰ্শন কৰি মাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব বুলি ব্যক্ত কৰে ৷ লগতে কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভক্তসকলৰ সুৰক্ষাৰ স্বাৰ্থত সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷ মন্দিৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত জাৰি কৰা সকলো নিৰ্দেশনা পালন কৰিছে ৷ কৰ’ণা সংক্ৰমণ ৰোধ কৰিবলৈ উক্ত নিয়মসমূহ পালন কৰাতো প্ৰয়োজনীয় হৈ পৰিছে ৷ যদিহে এই নিয়মসমূহ উচিত ধৰণেৰে পালন কৰা নহয় তেন্তে পুনৰায় বন্ধ হৈ পৰিব মন্দিৰৰ দ্বাৰ ৷ ৰমন খজুৰিয়া নামৰ এগৰাকী তীৰ্থযাত্ৰীয়ে মন্দিৰ পৰিচালনা সমিতিয়ে কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে মন্দিৰলৈ অহা প্ৰতিগৰাকী যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি ব্যক্ত কৰিছে ৷
ৰমন খজুৰিয়া নামৰ এগৰাকী তীৰ্থযাত্ৰীয়ে মন্দিৰ পৰিচালনা সমিতিয়ে কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে মন্দিৰলৈ অহা প্ৰতিগৰাকী যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি ব্যক্ত কৰিছে ৷ খজুৰিয়াই কয় মন্দিৰৰ ভিন্ন স্থানত চেনিটাইজাৰ ৰখাৰ লগতে থাৰ্মেল স্ক্ৰীনিঙৰ ব্যৱস্থা কৰা হৈছে ৷ যাতে কোভিড 19 ত আক্ৰান্ত কোনো ব্যক্তি মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে ৷ উল্লেখ্য যে,বিগত 18 মাৰ্চৰ পৰা বন্ধ ৰখা হৈছিল মন্দিৰৰ প্ৰৱেশদ্বাৰ ৷
শ্ৰীমাতা বৈষ্ণু দেৱী মন্দিৰ শ্ৰাইন বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেশ কুমাৰে সদৰী কৰা অনুসৰি, মন্দিৰ খোলাৰ পিছত জম্মু-কাশ্মীৰৰ 1900 যাত্ৰীৰ সৈতে মুঠ 2,000 গৰাকী যাত্ৰীয়ে দেৱীৰ দৰ্শন লাভ কৰিব পাৰিব ৷ অৱশিষ্ট যাত্ৰীসকল কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ বাহিৰৰ পৰা আহিব পাৰিব ৷ তদুপৰি কুমাৰে এনেদৰেও কয় যে,পৰিস্থিতি অনুসৰি সিদ্ধান্তৰ সাল-সলনি হ’ব পাৰে ৷ এই যাত্ৰাৰ বাবে ভক্তসকলে অনলাইনৰ জৰিয়তে পঞ্জীকৰণ কৰিব লাগিব নিজৰ নাম-ঠিকনা ৷ পঞ্জীকৰণ অবিহনে কোনো যাত্ৰীয়ে দৰ্শন কৰিব নোৱাৰিব মন্দিৰ ৷ মুঠতে স্বাস্থ্য সম্পৰ্কীয় সকলো ধৰণৰ নীতি-নিয়মৰ পালন কৰিব মন্দিৰ পৰিচালনা সমিতিয়ে ৷ মন্দিৰৰ মুখ্য কাৰ্যকৰী বিষয়াগৰাকীয়ে এতিয়াৰে পৰা বৈষ্ণোদেৱীৰ মন্দিৰ দৰ্শন যাত্ৰাই লাভ কৰিব এক সুকীয়া মাত্ৰা ৷ যাত্ৰীসকলে কাটৰালৈ আহিবলৈ বাণগংগা, অধুক্কাৰী আৰু সাঞ্জীছট পথেৰে আহি উভটিবলৈ হিমকোটি মাৰ্গ-তাৰকোটী মাৰ্গৰ ব্যৱহাৰ কৰিব লাগিব ৷
উল্লেখ্য যে,বৈষ্ণোদেৱী মন্দিৰ দৰ্শনৰ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে স্বচ্ছতা আৰু সুৰক্ষা অটুট ৰাখিবলৈ কাটৰা এন মাৰ্গৰ পৰা আৰম্ভ কৰি সমগ্ৰ মন্দিৰ চৌহদ চেনিটাইজ কৰা হৈছে ৷
লগতে চাওকঃ দ্বিতীয় মৃত্যুবাৰ্ষিকীত অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ সোঁৱৰণ