মুম্বাই, 9 এপ্ৰিলঃ লক ডাউনে 15 দিন অতিক্ৰম কৰাৰ পিচতো, বুধবাৰে মুম্বাইত পোহৰলৈ আহে 106 টা নতুন COVID-19ৰ কেচ । নাগৰিক সন্থাই প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈ মুম্বাইত মুঠ 696 টা COVID-19ৰ কেচ পোৱা গৈছে ।
ভাৰতৰ ব্যৱসায়িক ৰাজধানীৰ চহৰখনত এতিয়ালৈ 45 জন লোকৰ মৃত্যু হোৱা বুলি বৃহনমুম্বাই পৌৰ নিগমে জানিবলৈ দিছে ।
আনহাতে ৰাজ্য চৰকাৰে বৰ্তমানলৈ 714 টা কেচ পোৱা বুলি প্ৰকাশ কৰি বুধবাৰে 72 টা কেচ পোৱা বুলি পৃথককৈ উল্লেখ কৰে ।
এই পৰ্যন্ত বৃহনমুম্বাই পৌৰ নিগমত 59 গৰাকী লোকে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে । মুম্বাইৰ মেয়ৰ কিশৰি পেডনেকাৰে জনাই যে, 313 গৰাকী লোকক এই মহামাৰীত আক্ৰান্ত হোৱাৰ সন্দেহত হাস্পতালত ভৰ্তি কৰা হৈছে ।
মহানগৰ খনত 24 টা ৱাৰ্ডত 11000 লোকৰ বাবে কোৱাৰেন্টাৰাইন সুবিধা কৰা হৈছে । তাত বৰ্তমান 900 লোকক স্থানান্তৰীত কৰা হৈছে বুলি মেয়ৰে জনাই ।
আনহাতে, দৈনিক COVID-19 ৰ সংক্ৰমণ বাঢ়ি গৈ থকাৰ পৰিপ্ৰেক্ষিতত বৃহনমুম্বাই পৌৰ নিগমে যিকোনো উদ্দেশ্যেৰে ঘৰৰ বাহিৰলৈ ওলোৱা লোকৰ বাবে মাস্কৰ ব্যৱহাৰ বাধ্য়তামূলক কৰিছে । এই জাননী যোগে এই কথা ৰইজক অৱগত কৰাই । লগতে সতৰ্ক কৰি দিয়ে যে, যি সকলে এই নিয়ম নামানে তেওঁলোকক ভাৰতীয় দণ্ডবিধিৰ 188 শাখাৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ব ।