নেশ্যনেল ডেস্ক, 18 জুলাই: পৃথিৱীৰ ইতিহাসত আছে এগৰাকী লোকৰ কঠোৰ শাসনৰ বিচিত্ৰ বৰ্ণনা ৷ ক্ষমতাশালী লোকগৰাকীয়ে সদায় নিজৰ মতেই সিদ্ধান্ত গ্ৰহণ কৰি আহিছে ৷ সাধাৰণ লোকৰ ভাল লগা বেয়া লগাৰ ক্ষেত্ৰত কোনো দিনেই গুৰুত্ব প্ৰদান কৰা নাই তেওঁ ৷ আনকি তেওঁৰ পৰা উপেক্ষিত হৈ ৰৈছিল প্ৰকৃতিও ৷ 1958 চনৰ কথা ৷ মাও জে দং তেতিয়া চীনৰ পিপল ৰিপাব্লিক অৱ চাইনাৰ অধ্যক্ষ আছিল ৷ সেই পৃথিৱী বিখ্যাত বিতৰ্কিত বাঁওপন্থী নেতা গৰাকীয়ে সেই বছৰত লৈছিল এক হঠকাৰী সিদ্ধান্ত ৷ সেই সিদ্ধান্ত আছিল ঘৰচিৰিকা চৰাই নিধন কৰা ৷ এটা, দুটা বা দহটা নহয়, মাওৰ উদ্দেশ্য আছিল চিৰকালৰ বাবে চীনৰ পৰা ঘৰচিৰিকা চৰাই নিশ্চিহ্ন কৰা ৷ কিন্তু কিয় ?
কিয়নো দেশৰ উৎপাদিত বহু ফচল বিনষ্ট কৰিছিল ঘৰচিৰিকাই ৷ কোনো বিশেষজ্ঞৰ পৰা তেওঁ গম পাইছিল যে, এই চৰাইয়ে বছৰি 4 ৰ পৰা 5 কিলোগ্ৰামকৈ শস্য খায় ৷ হিচাপ কৰি তেওঁ গম পালে যে, 10 লাখ ঘৰচিৰিকাই খায় 60 হাজাৰ লোকৰ খাদ্য ৷ সেয়ে তেওঁ চীন দেশৰ পৰা ঘৰচিৰিকা নিশ্চিহ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
চৰকাৰীভাৱে সকলো সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ৷ ঘৰচিৰিকা নিধনৰ বাবে ক্ৰয় কৰা হ'ল প্ৰায় 1 লাখ ঘৰচিৰিকা নিধনৰ অস্ত্ৰ ৷ যিসকল লোকে এই অভিযানৰ বাবে নিজেই আগবাঢ়ি আহে তেওঁলোকৰ নাম দিয়া হ'ল স্পেৰো আৰ্মি ৷ আনকি ঘৰচিৰিকা নিধন কৰিবলৈ পুৰস্কাৰো ঘোষণা কৰিলে ৰাষ্ট্ৰই ৷ একাধিক পদ্ধতি অৱলম্বন কৰি নিধন কৰা হ'ল ঘৰচিৰিকা ৷ উন্মত্ত জনতাই ড্ৰাম বজাই অনুসৰণ কৰিব ধৰিলে ঘৰচিৰিকাৰ জাকক ৷ জানিব পৰা মতে, উচ্চ ধ্বনিত উৰি থকা ক্লান্ত ঘৰচিৰিকা মাটিত পৰি মৰে ৷ বিচাৰি বিচাৰি ধ্বংস কৰা হ'ল ঘৰচিৰিকাৰ বাঁহ ৷ জাল, বন্দুক আদিৰে অব্যাহত ৰখা হ'ল ঘৰচিৰিকা নিধন ৷ কিন্তু ৰক্ষা পৰিল জানো খেতিৰ ফচল ?
ঘৰচিৰিকা নিধনৰ বাবে বহু বছৰৰ পাচত দেশখনত দেখা দিলে দুৰ্ভিক্ষই ৷ ঘৰচিৰিকাৰ অভাৱত সেই বছৰ নষ্ট হয় দেশ খনৰ সিংহভাগ ফচল ৷ 1961-62 চনত ভয়ংকৰ দুৰ্ভিক্ষৰ ফলত দেশ খনত মৃত্যুক সাৱটি লয় 2-3 কোটি লোকে ৷
লগতে পঢ়ক: অসমৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ দালাই লামাৰ