ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয়টো মন কী বাত

author img

By

Published : Jul 28, 2019, 7:01 PM IST

2019ৰ নিৰ্বাচনত জয়লাভ কৰাৰ পিচতেই আজি দ্বিতীয়বাৰৰ বাবে দেশবাসীক সম্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৷ দেশবাসীৰ মাজত জনপ্ৰিয় হৈ পৰা প্ৰধানমন্ত্ৰীৰ "মন কী বাত" কাৰ্যসূচীৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে নৰেন্দ্ৰ মোডীয়ে ৷

প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয়টো মন কী বাত

নিউজ ডেস্ক, 28 জুলাইঃ দ্বিতীয়বাৰৰ বাবে দেশৰ শাসনভাৰ নিজৰ হাতলৈ আনিবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোডীয়ে আজি দ্বিতীয়বাৰৰ বাবে বিশেষ ৰেডিঅ' অনুষ্ঠান "মন কী বাত" কাৰ্যসূচীৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে ৷

মন কী বাত কাৰ্যসূচীৰ চমু অৱলোকনঃ
11:06: দেশবাসীৰ জল সংৰক্ষণৰ বাবে অনুৰোধ জনায় প্ৰধানমন্ত্ৰীয়ে ৷
11:18: আমাৰ দেশত প্ৰতিভাৰ কোনো অভাৱ নাই ৷ মই লাভ কৰা চিঠি আৰু ফোনৰ সংখ্যাৰ তুলনাত সমস্যাৰ সংখ্যা অধিক কম ৷
11:18: মন কী বাত দেশৰ বাবে এখন দাপোন হৈ পৰিছে ৷
11:19: চিঠিযোগে ৰাইজৰ সমস্যাৰ লগতে সমস্যাৰ সমাধানো বিছাৰি পাইছো ৷
11:23: দেশৰ নিৰ্বাচনী আয়োগৰ লগতে নিৰ্বাচনৰ সৈতে জড়িত থকা প্ৰতিগৰাকী ব্যক্তিকে অভিনন্দন লগতে দেশৰ সচেতন ভোটাৰসকলক মোৰ ছেল্যুট ৷
11:29: মই সকলোকে পঢ়িবলৈ আৰু লিখিবলৈ অনুৰোধ জনাইছো, যিদৰে তেঁওলোকে মন কী বাত শুনি আছে ঠিক একেদৰে ৷
11:29: মোৰ দেশৰ নাগৰিকে বৰ্তমানৰ লগতে ভৱিষ্যতৰ বিষয়েও চিন্তা কৰে, ই মোৰ বাবে গৌৰৱৰ বিষয় ৷
11:29: দেশৰ জনসাধাৰণৰ প্ৰত্যক্ষ সহযোগিতাৰে আমি পানীৰ নাটনিৰ সমস্যা সমাধান কৰিব পাৰিম ৷
11:31: দেশৰ গাঁও পঞ্চায়তসমূহে পানী সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰি আছে ৷
11:40: দেশৰ বাবে এইটো গৌৰৱৰ বিষয় যে, সমগ্ৰ বিশ্বই যোগ দিৱস পালন কৰিছে ৷ বিশ্বৰ সকলো প্ৰান্ততে ভাৰতীয় সভ্যতা আৰু সংস্কৃতি বিয়পি পৰিছে ৷
11:45: অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ ৷

উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হোৱা মোডীৰ এইটো আছিল দ্বিতীয়টো মন কী বাত ৷ অন্যান্য বিষয়ৰ লগতে পানীৰ সমস্যা, খেল, যুৱ প্ৰতিভা বিকাশ, মহাকাশ বিজ্ঞান আদি বিষয়টো প্ৰধানমন্ত্ৰীয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ৷ চন্দ্ৰযান 2য়ৰ বাবে দেশৰ বৈজ্ঞানিকসকলক ধন্যবাদ জ্ঞাপন কৰি দেশব্যাপী মহাকাশ বিজ্ঞানৰ ওপৰত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ উপৰিও জম্মু-কাশ্মীৰৰ উন্নয়নৰ বাবে ৰাজ্যখনৰ বাসিন্দাসকলৰ প্ৰচেষ্টাৰ বিশেষ শলাগ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

Intro:Body:

Mann ki Baat: PM Modi speaks on water conversation

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.