ETV Bharat / bharat

আজি সম্প্ৰচাৰিত হ’ব প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ - আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’

আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰচাৰ হ’ব​​​​​​​ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ৰ মাহেকীয়া সম্প্ৰচাৰ৷ এইটো প্ৰধানমন্ত্ৰীগৰাকীৰ নতুন কাৰ্য্যকালৰ তৃতীয়টো প্ৰচাৰন হ’ব

আজি সম্প্ৰচাৰিত হ’ব প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’
author img

By

Published : Aug 25, 2019, 11:08 AM IST

নতুন দিল্লী, 25 আগষ্টঃ আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ৰ মাহেকীয়া সম্প্ৰচাৰ ৷ এইটো প্ৰধানমন্ত্ৰীগৰাকীৰ নতুন কাৰ্যকালৰ তৃতীয়টো প্ৰচাৰন হ’ব৷

উক্ত অনুস্থানটো অল ইণ্ডিয়া ৰেডিঅ’ যোগে পোনপটীয়া সম্প্ৰচাৰ হোৱাৰ লগতে ডি ডি নেচনেল, ডি ডি নিউজ, আৰু ডি ডি ভাৰতী যোগেও উপভোগ কৰিব পৰা যাব৷

লোকসভা নিৰ্বাচনৰ পিছত যোৱা 30 জুন তাৰিখে সম্প্ৰচাৰ হোৱা ‘মন কী বাত’ৰ প্ৰথম খণ্ডত প্ৰধানমন্ত্ৰী গৰাকীয়ে জৰুৰী অৱস্থা, পানী সমস্যা, যোগ দিৱস আদি সম্পৰ্কে আলোচনা কৰে৷

তেখেতে আকৌ ব্যক্ত কৰে যে, প্ৰতি মাহৰ শেষৰটো দেওবাৰে দেশৰ জনতাক সম্বোধন কৰিব নোৱাৰিলে তেখেতে শূণ্য অনুভৱ কৰে ৷

370 অনুচ্ছেদ বাতিলৰ এসপ্তাহ আগত সম্প্ৰচাৰিত ‘মন কী বাত’ৰ দ্বিতীয়টো খণ্ডত প্ৰধানমন্ত্ৰী গৰাকীয়ে কাশ্মীৰ সম্পৰ্কে আলোচনা আগবঢ়াই কয় যে "যি সকল ব্যক্তিয়ে হিংসা বিয়পাই আছে তেওঁলোক নিজৰ কাৰ্যত কেতিয়াও সফল হ’ব নোৱাৰে"৷

তেখেতে আকৌ ব্যক্ত কৰে যে উন্নয়ন সকলো সময়তে বোমা বাৰুদকৈ শক্তিশালী৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে ফেব্ৰুৱাৰী মাহত সম্প্ৰচাৰিত হোৱা উক্ত অনুস্থানৰ অন্তিমটো খণ্ডত লোকসভা নিৰ্বাচনত বি জে পিৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ জয় সম্পৰ্কে নিশ্চিত বুলি জনোৱাৰ লগতে পৰৱৰ্তী সম্প্ৰচাৰ নিৰ্বাচনৰ পিছত হ’ব বুলিও জনায় ৷

‘মন কী বাত’ অনুস্থানটো প্ৰতিমাহৰ শেষৰটো দেওবাৰে সম্প্ৰচাৰ হয় যাৰ বাবে সাধাৰণ জনতাৰ পৰা নতুন বিষয় বা ধাৰণাও গ্ৰহণ কৰা হয়৷

Intro:Body:

Modi man ki baat

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.