ETV Bharat / bharat

বৰ্তমান সুস্থ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং

বৰ্তমান সুস্থ অৱস্থাত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং । দেওবাৰে সন্ধিয়া 87 বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ।

MANMOHAN SINGH IS STABLE NOW
MANMOHAN SINGH IS STABLE NOW
author img

By

Published : May 11, 2020, 3:33 PM IST

নেশ্যনেল ডেস্ক, 11 মে': চিকিৎসালয় কৰ্তৃপক্ষই সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান সুস্থ অৱস্থাত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং । দেওবাৰে সন্ধিয়া 87 বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে অনুভৱ কৰা শাৰীৰিক অস্থিৰতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

কৰ্তৃপক্ষই উল্লেখ কৰা মতে, মনমোহন সিঙক কোনো এক নতুন ঔষধৰ পৰা হোৱা প্ৰতিক্ৰিয়াৰ পিচত পৰ্যবেক্ষণৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেওঁ জ্বৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ অন্যান্য কাৰণসমূহৰ পৰীক্ষা চলাই থকা হৈছে আৰু আৱশ্যক অনুসৰি যত্ন লৈ থকা হৈছে । তেওঁ বৰ্তমান সুস্থ হৈ আছে, লগতে এইমছৰ কাৰ্ডিঅ'থৰেছিক কেন্দ্ৰৰ চিকিৎসকৰ এটা দলৰ অধীনত চিকিৎসাধীন হৈ আছে ।

2009 বৰ্ষতো এইমছত মনমোহন সিঙৰ কৰ'নাৰী বাইপাছৰ এক সফল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল । কেইবগৰাকীও ৰাজনৈতিক নেতাই তেওঁৰ শীঘ্ৰ আৰোগ্যতাৰ কামনা কৰিছে ।

লগতে পঢ়কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক AIIMS ত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.