ETV Bharat / bharat

মণিপুৰ সেনাপতিত ভূমিস্খলনত ব্যাহত যোগাযোগ

author img

By

Published : Oct 26, 2020, 10:09 AM IST

মণিপুৰৰ সেনাপতি জিলাত হোৱা ভূমিস্খলনৰ ফলত 2নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ৷ বিআইপিএলৰ প্ৰকল্প মেনেজাৰ জয়চনে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰাৰ লগতে প্ৰশাসনে যোগাযোগ পুনৰাই আৰম্ভ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

মণিপুৰ সেনাপতিত ভূমিস্খলনত ব্যাহত যোগাযোগ
মণিপুৰ সেনাপতিত ভূমিস্খলনত ব্যাহত যোগাযোগ

নিউজ ডেস্ক, 26 অক্টোবৰ : মণিপুৰৰ সেনাপতি জিলাত বিগত 23 অক্টোবৰত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত বৰ্তমানলৈকে জিলাখনত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে ৷ জিলাখনৰ মাজেৰে যোৱা 2নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ আছে ৷

ৰাষ্ট্ৰীয় ঘাইপথটোৰ চোৱাচিতাৰ দায়িত্বত থকা বিআইপিএল নামৰ সংস্থাই প্ৰকাশ কৰা অনুসৰি, ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ সংস্থাৰ প্ৰকল্প মেনেজাৰ জয়চনে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰাৰ লগতে তেওঁ জনায় যে, বৰ্তমানে ৰাষ্ট্ৰীয় ঘাইপথটোৰে যোগাযোগ সুচল কৰি তুলিবলৈ স্থানীয় প্ৰশাসনে কাম কৰি আছে ৷ কিন্তু এই কামত বাধাৰ সৃষ্টি কৰিছে প্ৰতিকূল বতৰে ৷

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি, আগন্তুক দুদিন ধৰি মণিপুৰৰ বতৰ প্ৰতিকূল হৈ থাকিব ৷ এনে অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথটোৰ পুনৰ নিৰ্মাণত কিছু বিলম্ব হোৱাৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰ সমস্যাৰ বাবে দায়ী নেহৰু : জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.