ETV Bharat / bharat

চণ্ডীগড় বিমানবন্দৰত পাঞ্জাৱলৈ যোৱা লোকৰ বাবে বাধ্য়তামূলক হ'ল COVID-১৯ পৰীক্ষণ

author img

By

Published : May 25, 2020, 8:59 AM IST

শেহতীয়াকৈ মোহালী জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । পাঞ্জাৱলৈ বুলি অহা সকলো যাত্ৰীক চণ্ডীগড় বিমানবন্দৰত কৰা হৈছে বাধ্য়তামূলক COVID-১৯ ৰ পৰীক্ষণ । বিমানবন্দৰৰ পৰা চণ্ডীগড়, হাৰিয়ানা, হিমাচল প্ৰদেশৰ দিশে যোৱা যাত্ৰীক ৰাজ্যৰ দ্বাৰা প্ৰদান কৰা নীতি-নিয়মৰ অধীনত লোৱা হ'ব ব্যৱস্থা ।

Mandatory COVID-19 test at Chandigarh airport for all travellers bound for Punjab

নিউজ ডেস্ক, ২৫ মে': ২৫ মে'ৰ পৰা সমগ্ৰ দেশতে ঘৰুৱা বিমানৰ চলাচলৰ অনুমতি দিয়া কেন্দ্ৰৰ সিদ্ধান্তৰ পাচতেই মোহালী জিলা প্ৰশাসনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । এতিয়াৰে পৰা পাঞ্জাৱলৈ অহা সকলো বিমান যাত্ৰীকে চণ্ডীগড় বিমানবন্দৰত বাধ্য়তামূলক কৰা হৈছে COVID-১৯ পৰীক্ষণ । লগতে সকলো যাত্ৰীকে ১৪ দিনৰ হোম কোৱাৰেণ্টাইনৰ নিয়ম বান্ধি দিয়া হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা ।

পাঞ্জাৱলৈ যোৱা যাত্ৰীৰ বাবে বাধ্য়তামূলক COVID-১৯ পৰীক্ষণ

বিমানবন্দৰত COVID-১৯ ৰ পৰীক্ষণ কেৱল পাঞ্জাৱলৈ যাত্ৰা কৰা লোকসকলৰহে কৰা হ'ব বুলি জানিবলৈ দিয়া হৈছে । আনহাতে বিমানবন্দৰৰ পৰা যি সকল লোক স্বায়িত্ব শাসিত অঞ্চল চণ্ডীগড়, হাৰিয়ানা আৰু হিমাচল প্ৰদেশলৈ ৰাওনা হ'ব তেওঁলোকক সেইসমূহ ৰাজ্য়ৰ দ্বাৰা প্ৰদান কৰা নীতি-নিৰ্দেশনা অনুসৰি ব্য়ৱস্থা গ্ৰহণ কৰা হ'ব ।

এনে সময়তে পৰীক্ষণ কৰা লোকৰ ফলাফল পজিটিভ লাভ কৰিলে লোকজনক আইছ'লেচনলৈ স্থানান্তৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে । আনহাতে ফলাফল নেগেটিভ লাভ কৰিলেও ১৪ দিনৰ হোম কোৱাৰেণ্টাইন বাধ্য়তামূলক হ'ব যাত্ৰীসকলৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.