নেশ্যনেল ডেস্ক,11 জানুৱাৰী : ৰাজস্থানৰ এক বিশেষ শাখাই পাকিস্তানৰ হৈ অভিযান চলোৱাৰ অভিযোগত এজন 42 বছৰীয়া লোকক আটক কৰে ৷ আৰক্ষীৰ সূত্ৰই এই কথা সদৰি কৰে ৷
আৰক্ষীৰ প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, জেইছলমেৰ নিৱাসী সত্যনাৰায়ণ পালিৱাল নামৰ লোকজনক এক গোচৰৰ ভিত্তিত আটক কৰে অপৰাধ অনুসন্ধান বিভাগৰ বিশেষ শাখাই ৷ সন্দেহজন লোকজনে ভাৰতীয় সেনাৰ গোপন তথ্য পাকিস্তানক প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
ইয়াৰ পাচতে অপৰাধ অনুসন্ধান বিভাগৰ বিশেষ শাখাই আনুষ্ঠানিক গোপনীয়তা আইনৰ অধীনত লোকজনক আটক কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ৰাজস্থান আৰক্ষীয়ে জনায় যে, লোকজনে পাকিস্তানৰ ইণ্টেলিজেন্স এজেন্সীৰ সৈতে যোগাযোগ কৰি সামৰিক তথ্য প্ৰদান কৰি আহিছে ৷
উল্লেখ্য যে, বিগত বৰ্ষৰ নৱেম্বৰ মাহত পাকিস্তানৰ বাবে চোৰাংচোৱা কৰাৰ অভিযোগত জম্মু-কাশ্মীৰ আৰক্ষীয়ে চাম্বা জিলাৰ পৰা কুলজিৎ কুমাৰ নামৰ এজন লোকক আটক কৰিছিল ৷
লগতে পঢ়ক : দুবছৰত 80 খন বাহন ক্ৰয় ওড়িশাৰ স্বাস্থ্যমন্ত্ৰী নব দাসৰ