নেশ্যনেল ডেস্ক,6 ডিচেম্বৰঃ যদি সুবেন্দু অধিকাৰীয়ে বিজেপিত যোগদান কৰে তেন্তে তৃণমূল চৰকাৰখন নিৰ্বাচনৰ পূৰ্বে ভাঙিব ৷ ইয়াৰ দ্বাৰা মই এইটো বুজাইছো যে, বহু লোকে তৃণমূল কংগ্ৰেছ দল ত্যাগ কৰিব ৷ এই মন্তব্য সাংসদ অৰ্জুন সিঙৰ ৷ উল্লেখ্য যে, বিগত 27 নৱেম্বৰত পৰিবহণ,কৃষি আৰু জলসম্পদ মন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল সুবেন্দু অধিকাৰীয়ে ৷
কেইবা মাহলৈকে সুবেন্দু অধিকাৰীয়ে ‘একলা চলো ৰে’ আগবঢ়াই নি আছিল ৷ যাৰ পৰিপ্ৰেক্ষিততে তেখেতে ৰাজ্যখনত এনে কিছু অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল য’ত কোনো ৰাজনৈতিক দলৰ নাম আৰু প্ৰতীক চিহ্ন নাছিল ৷
সূত্ৰই প্ৰকাশ কৰা অনুসৰি দলটোৰ প্ৰতি থকা তেখেতৰ আক্ষেপ দূৰ কৰাৰ বাবে তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগতা ৰয় আৰু সুবেন্দু অধিকাৰীৰ কেইবাখনো বৈঠকত মিলিত হৈছিল ; যদিও এই গোটেইকেইখন বৈঠকে কোনো শেষ সিদ্ধান্তত উপস্থিত নহয় ৷