কলকাতা , 29 মে': নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ নকৰে মমতা বেনাৰ্জীয়ে ৷ বিজেপিয়ে ৰাজ্যৰ 54 জন লোকৰ মৃত্যুৰে ৰাজনীতি কৰা চেষ্টা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে প্ৰকাশ কৰা অনুসৰি তেওঁ নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কিন্তু সংবাদ মাধ্যমত তেওঁ দেখিবলৈ পাইছে যে ,বিজেপি চৰকাৰখনে পশ্চিমবংগত 54 জন লোকে ৰাজনৈতিক হিংসাৰ ফলত মৃত্যু বৰণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে ৰাজনৈতিক হিংসাৰ ফলত মৃত্যু হোৱাৰ অভিযোগ সম্পূৰ্ণ অসত্য ৷ এই মৃত্যু ব্যক্তিগত শত্ৰুতা , পৰিয়ালকেন্দ্ৰিক বিবাদ বা অন্য কাৰণত হ'ব পাৰে ৷ কিন্তু ৰাজনৈতিক হিংসাৰ ফলত মৃত্যু হোৱাৰ কোনো প্ৰমাণ নাই ৷তেওঁ কয় যে ,ক্ষমা কৰিব নৰেন্দ্ৰ মোডীজী , সেয়েহে শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
তেওঁ লগতে প্ৰকাশ কৰে যে, এয়া গণতন্ত্ৰক উদযাপন কৰা এক উৎসৱ ৷ৰাজনৈতিক লাভালাভৰ বাবে শপত গ্ৰহণ অনুষ্ঠানক ব্যৱহাৰ কৰা উচিত নহয় ৷