নিউজ ডেস্ক , ১৭ জানুৱাৰী : ভাৰতত প্ৰতিষেধক প্ৰদানকলৈ মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহীম মহম্মদ চলিহে বিশেষ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক । মহামাৰী নিৰ্মূলৰ ক্ষেত্ৰত দেখুওৱা বিশ্বাসৰ বাবে ৰাষ্ট্ৰপতি গৰাকীয়ে শুভকামনা জনাই লগতে তেওঁ নিশ্চিত যে এই পদক্ষেপেৰে ভাৰত চৰকাৰে নিজৰ লক্ষ্য়ত উপনীত হ'ব পাৰিব ।
উল্লেখ যে ইতিমধ্য়ে বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক প্ৰদানৰ অভিযান বিবেচিত হৈ আহিছে ভাৰতৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া । শনিবাৰে এই অভিযান প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে উদ্বোধন কৰিছে ।
লগতে পঢ়ক : কেৰালাত ম'বাইল এপৰ জৰিয়তে ধন লুন্ঠন