নেচনেল ডেক্স, 9 আগষ্ট : মোদী চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ বাতিল কৰি ৰাজ্যখনক দুই কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত কৰাৰ সিদ্ধান্তৰ পাচত এতিয়া কাশ্মীৰৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে নবেল বিজয়ী পাকিস্তানী সমাজকৰ্মী মালালা ইউছুফজাই ৷ "মই শিশু হৈ থকাৰ অৱস্থাৰ পৰা কাশ্মীৰৰ মানুহে দুখ-দুৰ্দশাৰ মাজত জীৱন নিৰ্বাহ কৰি আহিছে ৷ যোৱা 7 টা দশক জুৰি অৰ্থাৎ মোৰ মা-দেউতা সৰু থকাৰ হৈ সময়ৰ পৰা কাশ্মীৰত এই সংঘৰ্ষময় পৰিস্থিতি অব্যাহত আছে"৷ মালালাই টুইটযোগে এনেদৰে কয় ৷ শান্তিৰ নবেল বঁটা বিজয়ীগৰাকীয়ে আন্ত:ৰাষ্ট্ৰীয় সংস্থাসমূহক কাশ্মীৰ উপত্যকাত শান্তি ঘূৰাই আনিবলৈ পদক্ষেপ লবৰ বাবে আহব্বান জনায় ৷ তেওঁ লগতে কয়,-"আজি মোৰ মনত কাশ্মীৰৰ মহিলা আৰু শিশু সকলৰ ভৱিষ্যত সম্পৰ্কে শংকাৰ অৱতাৰণা হৈছে যিহেতু সংঘৰ্ষৰ ফলত কেৱল হিংসা আৰু প্ৰাণৰে সংশয় হব" ৷
কাশ্মীৰ সন্দৰ্ভত মালালা ইউছুফজাইৰ প্ৰতিক্ৰিয়া - India
কাশ্মীৰৰ মহিলা আৰু শিশুৰ ভৱিষ্যত সন্দৰ্ভত চিন্তিত কনিষ্ঠতম শান্তিৰ নবেল বঁটা বিজয়ীগৰাকী ৷