ETV Bharat / bharat

ভাৰতৰ বৃহৎ গেছ নিৰ্গমনৰ ঘটনাসমূহ...

author img

By

Published : Jun 11, 2020, 2:13 PM IST

অসমৰ বাঘজান তৈল খাদৰ পৰা ধাৰাবাহিকভাৱে 27 মে'ৰ পৰা গেছ নিৰ্গমন হৈ আছে ৷ আনহাতে, 9 জুনত তৈল খাদত সংঘটিত অগ্নিকাণ্ডৰ ফলত দুজনকৈ OILৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাইছে ৷

27 মে'ৰ পৰা গেছ নিৰ্গমন
ভাৰতৰ বৃহৎ গেছ নিৰ্গমনৰ ঘটনাসমূহ...

বিষয়বস্তু-

*অসমৰ বাঘজান তৈল খাদৰ পৰা ধাৰাবাহিকভাৱে 27 মে'ৰ পৰা গেছ নিৰ্গমণ হৈ আছে ৷ আনহাতে, 9 জুনত তৈল খাদত সংঘটিত অগ্নিকাণ্ডৰ ফলত দুজনকৈ OILৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাইছে ৷

*আহত হৈছে প্ৰায় 4 জন লোক আৰু 50 ৰো অধিক ঘৰ অগ্নিকাণ্ডত ভষ্মীভূত হোৱাৰ লগতে 2,500 পৰিয়াল প্ৰভাৱাম্বিত হৈছে ৷

অগ্নিকাণ্ডৰ সূত্ৰপাত-

*27 মে'ৰ পুৱা খাদত কৰ্মৰত কৰ্মচাৰীসকলে প্ৰাকৃতিক গেছৰ পৰা নিৰ্গত এক বিস্ফোৰণ হোৱাৰ উমান পায় ৷ কিছু ছেকেণ্ডৰ পাচতে পুৱা প্ৰায় 10.30 বজাত সেই স্থানৰ পৰা এক কিল'মিটাৰ দূৰত্বৰ নতুন ৰঙাপাৰা গাঁৱত এক বিস্ফোৰণৰ শব্দ শুনা যায় ৷

*এই বিস্ফোৰণৰ পাচতে প্ৰায় 500 পৰিয়াল ভিতিগ্ৰস্ত হৈ পৰাৰ লগতে পোহনীয়া জীৱ-জন্তু আৰু খেতি-পথাৰ ত্যাগ কৰি সেই স্থানৰ পৰা পলায়ন কৰে ৷

*DSNP ৰ বিষয়ববীয়াই Eco Sensitive Zone (ESZ) ৰ ওচৰত এটা মৃত ডলফিন আৰু পোহনীয়া জীৱৰ মৃতদেহ উদ্ধাৰ কৰে ৷

*দুঘন্টাজুৰি খাৰুৱা তেল আৰু গেছযুক্ত 20 ফুট উচ্চতাৰ অগ্নিকাণ্ড বাঘজানত প্ৰত্যক্ষ কৰা হয় ৷

*সেই স্থানৰ পৰা 5 কিল'মিটাৰ নিলগৰ বাসগৃহসমূহতো ইয়াৰ পৰা নিৰ্গত হোৱা বোকা মিশ্ৰিত পানী সোমাই যায় ৷

কিয় অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল-

কেতিয়াবা এনে তৈল খাদত পৰিৱৰ্তিত চাপৰ ফলত ইয়াৰ ভাৰসাম্যতাত ব্যাঘাত জন্মে ৷ যদি এয়া সময়ত নিয়ন্ত্ৰণলৈ অনা নহয় তেন্তে ইয়াৰ ফলত হঠাৎ বিস্ফোৰণৰ সৃষ্টি হ'ব পাৰে ৷

এই সম্পৰ্কত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানী সিদ্ধাৰ্থ কুমাৰ লাহিৰীয়ে কয়, "এটা প্ৰেছাৰ কুকাৰে কিমান বলত বাষ্প এৰি দিয়ে সেয়া বুজিব পাৰি ৷ এনেধৰণে এক মিলিয়ন প্ৰেছাৰ কুকাৰে একে সময়তে বাষ্প এৰি দিলে কি হ'ব অনুমান কৰিব পাৰি ৷" এই বিস্ফোৰণৰ বাবে তেওঁ বহুকেইটা কাৰণ প্ৰদান কৰিছে, দায়িত্বহীনতা, দূৰ্বল কৰ্ম কৌশল, বেয়া পৰিচালনা, বয়সীয়া কৰ্মচাৰী আদি ৷

পটভূমি-

*এই গেছবিধ প্ৰপেন, মিথেন, প্ৰপিলিন আৰু অন্যান্য গেছৰ মিশ্ৰন ৷ ইয়াৰ ফলত চকু জ্বলা-পোৰা, মূৰৰ বিষ আদি হ'ব পাৰে ৷

*OIL তৈল খাদত 15 বছৰৰ ভিতৰত এয়া এনে তৈল খাদৰ বিস্ফোৰণৰ দ্বিতীয় ঘটনা ৷ ডিব্ৰুগড় জিলাৰ ডিকম বিস্ফোৰণ 45 দিনৰ অন্তত নিয়ন্ত্ৰণলৈ অনা হৈছিল ৷ ইয়াৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ বিশেষজ্ঞৰ দল আৰু Red Adair ৰ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰয়োজন হৈছিল ৷

বিৱৰণ-

*বাঘজান তৈল খাদ 5 হৈছে তিনিচুকীয়া জিলাৰ গেছ উৎপাদন কৰা তৈল খাদ ৷ এই খাদ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা 900 মিটাৰ নিলগত অৱস্থিত ৷ 2006 চনত Oil India Limited (OIL) ৰ দ্বাৰা ইয়াৰ খনন কৰা হৈছিল ৷

অসমৰ পূৰ্বৰ বিস্ফোৰণ-

*OIL ৰ অধীনৰ ডিকম তৈল খাদত 2005 চনত আৰু ONGC ৰ অধীনৰ ৰুদ্ৰসাগৰ তৈল খাদত 1970 চনত দুটা বিস্ফোৰণ সংঘটিত হৈছিল ৷

*এই বিস্ফোৰণৰ নিয়ন্ত্ৰণ দুই ধৰণৰ বস্তুৰ ওপৰত নিৰ্ভৰশীল : ৰিজাৰ্ভাৰৰ আকাৰ আৰু গেছ নিৰ্গমন হোৱা খাদৰ চাপ ৷

*এনে অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে কেতিয়াবা মাহৰ প্ৰয়োজন হয় ৷ এনে খাদত পানীৰ প্ৰয়োগ কৰিলেহে জুই নিয়ন্ত্ৰণলৈ আনিব পাৰি ৷

ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ইয়াৰ প্ৰভাৱ-

*এই জুইয়ে সমগ্ৰ অঞ্চলটোৰ জৈৱ বৈচিত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব ৷ ধাৰাসাৰে গেছ আৰু তেল নিৰ্গমন হৈ থকাৰ ফলত মাগুৰি বিলৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ ই ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুলৈ অশনি সংকেত কঢ়িয়াই আনিছে ৷

*এই ৰাষ্ট্ৰীয় উদ্যানৰ তেনেই কাষত 23 টা এনে ধৰণৰ ড্ৰিল আছে ৷ গেছ নিৰ্গমনৰ পাচৰে পৰা বন বিভাগে 14 জনীয়া সদস্যৰ এখন সমিতি গঠন কৰি দিছে ৷

*DSNP য়ে প্ৰদান কৰা তথ্য অনুসৰি, ইয়াত 40 বিধ বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু, 500 প্ৰজাতিৰ চৰাই আৰু 104 বিধ মাছৰ প্ৰজাতি, 105 বিধ পখিলাৰ প্ৰজাতি আৰু 690 বিধ উদ্ভিদৰ প্ৰজাতি আছে ৷

*ইয়াত আছে বাঘ, হাতি, বনৰীয়া মহ, গিবন, লংগুৰ আদি জন্তু ৷

দেশত এনেধৰণৰ বৃহৎ বিস্ফোৰণৰ ঘটনা-

08.01.1995 : অন্ধ্ৰপ্ৰদেশত 1995 চনৰ 8 জানুৱাৰীত সন্ধিয়া 6.50 বজাত সংঘটিত হৈছিল পাছাৰলাপোডী অগ্নিকাণ্ড ৷ ভাৰতৰ তৈল ক্ষেত্ৰত এয়া অন্যতম বৃহৎ বিস্ফোৰণ হিচাপে চিহ্নিত হৈছিল ৷ 65 দিন ধৰি এই জুই অব্যাহত আছিল ৷ 15 মাৰ্চৰ দিনা International Well Control ৰ দ্বাৰা এই জুই নিয়ন্ত্ৰণলৈ অনা হৈছিল ৷ ইয়াৰ ফলত কোনো প্ৰাণহানি হোৱা নাছিল যদিও তৈল খাদটো ধংস হৈ পৰিছিল ৷ প্ৰায় 9.2 কোটি টকাৰ অৰ্থ হানি হোৱাৰ লগতে 7 কোটি টকাৰ সামগ্ৰী ধংস হৈছিল ৷

06.02.2013 : আমালাপুৰমত অৱস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অধীনৰ এক তেল খাদত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা ৷ ৰাজস্থানৰ জয়শালমাৰ জিলাৰ তানোটস্থিত আছিল এই খাদটো ৷ 2015 চনৰ 1 মাৰ্চত খাদৰ পৰা নিশা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বুৰবুৰণি উঠিছিল ৷ Oil India ৰ দলে এই বুৰবুৰণি নাইকীয়া কৰিবৰ চেষ্টা কৰিছিল যদিও অসমৰ্থ হয় ৷ 29 ছেপ্তেম্বৰত ইয়াত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷

মুম্বাই, মহাৰাষ্ট্ৰ

2005 চনৰ 27 জুলাইত মুম্বাইৰ উপকূলৰ 130 কিল'মিটাৰ নিলগত অগ্নিকাণ্ড সংঘটিত হৈছিল ৷ এই অগ্নিকাণ্ডৰ ফলত দেশৰ বৃহৎ তেল প্লেটফৰ্মটো ধংস হৈছিল ৷ ইয়াৰ ফলত প্ৰাণ হেৰুৱালে 10 জন লোকে ৷ এই অগ্নিকাণ্ডই ভাৰতৰ শক্তিখণ্ডৰ সুৰক্ষাৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰিছিল ৷

লগতে পঢ়ক : অভি-নীল হত্যাকাণ্ডৰ দুটা বছৰ সম্পূৰ্ণঃ ন্যায় কেতিয়া?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.