গান্ধীজী হৈছে এটা ধাৰণা, এটি কণ্ঠ, যি দেশৰ আত্মাক জাগ্ৰত কৰে ৷ অবিৰত এই কণ্ঠই দেশক সৰ্বতোপ্ৰকাৰে একত্ৰিত কৰি ৰাখিছে ৷
লক্ষ্নৌ এনে এখন প্ৰদেশ য'ত গান্ধীজীৰ স্মৃতি আজিও সংৰক্ষিত হৈ আছে ৷ 1936 চনত লক্ষ্নৌৰ গোখলে পথত কংগ্ৰেছ নেতা শীলা কাওলৰ বাসগৃহত এটি বটবৃক্ষৰ পুলি ৰোপন কৰিছিল গান্ধীজীয়ে৷ এই বৃক্ষৰ পুলিটো স্বাধীনতা সংগ্ৰামৰ অনুপ্ৰেৰণা আৰু স্মাৰক হিচাপে গণ্য কৰা হৈছিল ৷ আজি এই পুলিটো দেশৰ গণতন্ত্ৰৰ দৰেই বৃহত্তৰ এজোপা বৃক্ষলৈ পৰিণত হৈছে ৷
এই গছ পুলিটো ৰোপণৰ আঁৰত থকা গান্ধীজীৰ ধাৰণা সম্পৰ্কে জানিবলৈ আমি কিছুদূৰ অতীতলৈ উভতি যাব লাগিব ৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত গান্ধীজীয়ে সমগ্ৰ ঔপনিবেশিক দেশখন ভ্ৰমণ কৰিছিল ৷ ইয়াৰ মাজতে গান্ধীজীয়ে ভ্ৰমণ কৰিছিল লক্ষ্নৌ আৰু নৱাবৰ ভূমিতো তেখেতৰ চেষ্টা অব্যাহত আছিল ৷ ভাৰতৰ স্বাধীনতা লাভৰ প্ৰায় এটা দশক আগতে মহাত্মা গান্ধীয়ে লক্ষ্নৌ ভ্ৰমণ কৰিছিল আৰু শীলা কাওলৰ ঘৰৰ চৌহদত এই গছৰ পুলিটো ৰোপণ কৰিছিল ৷ এই বৃক্ষজোপাই এতিয়াও গান্ধীজীৰ মূল্যবোধ আৰু তেখেতৰ স্মৃতি বহন কৰে ৷ একান্তভাৱে এই গছজোপা প্ৰত্যক্ষ কৰিলে ধাৰণা হয় যে, গছজোপাৰ শাখা-প্ৰশাখাবোৰে গান্ধীজী আৰু আন আন স্বাধীনতা সংগ্ৰামী সকলৰ অৱদানকেই যেন প্ৰশংসাৰে সুঁৱৰি আছে ৷
এই বৃক্ষজোপা স্বাধীনতা সংগ্ৰামৰো প্ৰতীক ৷ গোখলে পথৰ আশে-পাশে বাস কৰা লোকসকলে প্ৰায়েই এই বৃক্ষজোপা পৰিদৰ্শন কৰে ৷ মাজে সময়ে লোক সকলে বৃক্ষজোপাৰ তলত থকা বিভিন্ন দেৱ-দেৱীৰ প্ৰতিমা সমূহৰ ওচৰত বন্তি প্ৰজ্বলন কৰে ৷