ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখলৈ পুনৰ ভাবুকিমূলক ফোনকল - Maharashtra Home Minister Anil Deshmukh

বুধবাৰে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখৰ এক সূত্ৰই প্ৰদান কৰা তথ্য অনুসৰি, অভিনেত্ৰী কংগনা ৰাণাৱটৰ সৈতে জড়িত বিবাদ সন্দৰ্ভত গৃহমন্ত্ৰী গৰাকীক কোনো লোকে ফোনযোগে প্ৰদান কৰিছে ভাবুকি ৷

মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখলৈ পুনৰ ভাবুকিমূলক ফোনকল

author img

By

Published : Sep 9, 2020, 12:52 PM IST

নেশ্যনেল ডেস্ক, 9 ছেপ্তেম্বৰ: অভিনেত্ৰী কংগনা ৰাণাৱটৰ সৈতে জড়িত বিবাদ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখক কোনো লোকে ফোনযোগে ভাবুকি প্ৰদান কৰিছে ৷ বুধবাৰে গৃহমন্ত্ৰী গৰাকীৰ লগত জড়িত এক সুত্ৰই জানিবলৈ দিয়ে এই কথা ৷

সুত্ৰটোৱে জনোৱা অনুসৰি, মঙলবাৰে দেশমুখলৈ সেই ফোনটো আহে হিমাচল প্ৰদেশৰ কোনো স্থানৰ এজন লোকৰ পৰা আৰু বুধবাৰে পুৱা প্ৰায় 6 বজাতো একে ঘটনাৰে পুনৰাবৃত্তি হয় ৷ বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷

ইয়াৰ পূৰ্বেও এগৰাকী অজ্ঞাত ব্যক্তিয়ে দেশমুখৰ নাগপুৰৰ কাৰ্যালয়ত ফোন কৰি তেওঁকে ধৰি এনচিপি প্ৰধান শাৰদ পাৱাৰক ভাবুকি প্ৰদান কৰে বুলি উল্লেখ কৰিছিল মন্ত্ৰী গৰাকীয়ে ৷ দেশমুখে সোমবাৰে কেন্দ্ৰই ৰাণাৱটক 'Y-plus' সুৰক্ষা প্ৰদান কৰা সিদ্ধান্তত আশ্চৰ্য ব্যক্ত কৰে ৷ তেওঁ কৈছিল যে, কংগনাৰ কথাই মুম্বাই আৰু মহাৰাষ্ট্ৰ আৰক্ষীক কৰিছে "অপমান" ৷

লগতে পঢ়ক: কংগণা ৰানাৱটৰ বাবে বিশেষ নিৰাপত্তা বেষ্টনি হিমাচল প্ৰদেশ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.