নিউজ ডেস্ক, ৩১ মে'ঃ মহাৰাষ্ট্ৰৰ ৩০ জুনলৈ অব্যাহত থাকিব লক্ ডাউন । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে দেওবাৰে ঘোষণা কৰে এই কথা । ৰাজ্যখনত কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কন্টেইনমেন্ট জ'নসমূহত ৩০ জুনলৈ লক্ ডাউন বাহাল ৰখাৰ সিদ্ধান্ত লৈছে চৰকাৰখনে ।
মহাৰাষ্ট্ৰৰ চৰকাৰে লক্ ডাউনৰ এই নতুন পৰ্যায়ৰ বাবে প্ৰস্তুত কৰা নীতি নিৰ্দেশনাক Mission begin again বুলি উল্লেখ কৰিছে । মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত ৩ জুন, ৫ জুন আৰু ৮ জুনত পৰ্যায়ক্ৰমে বিভিন্ন সেৱাসমূহ মুকলি কৰিব । অৱশ্যে নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থকাৰ বাবে অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে ৰাজ্যখনত কোনো ধৰণৰ দোকান-পোহাৰ, যান-বাহন চলাচল কৰিব নোৱাৰিব ।