নিউজ ডেস্ক, 1 জুনঃ হছাংগাবাদ জিলাত নৰ্মদা নৈত সোমবাৰে গা ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লয় একেটা পৰিয়ালৰ চাৰিজনকৈ লোকে । দুৰ্ঘটনাটোত মৃত্যু হোৱা কেইজনৰ ভিতৰত দুগৰাকী 10 আৰু 12 বছৰীয়া শিশু আছে । নিহত সকলক ৰাইপুৰৰ সিদ্ধি (10), বৈশালী (24), আয়ুস(19) আৰু অমিত গৌৰ (12) বুলি চিনাক্ত কৰিব পৰা গৈছে ।
স্থানীয় লোক সকলে ঘটনাৰ পাচতে স্থানীয় প্ৰশাসনক খবৰ দিয়ে । এঘন্টা পাচত উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ সমূহ উদ্ধাৰ কৰে ।
উপ আৰক্ষী মহাপৰিদৰ্শক মোহন ছাৰৱান, জিলা দণ্ডাধীশ আদিত্য সিং, জিলা উপায়ুক্ত শৈলেন্দ্ৰ কুমাৰ বাৰনীয়াও ঘটনাস্থলীত উপস্থিত হয় ।
উল্লেখ্য যে, ৰাজ্যখনৰ নৰ্মদা নদীৰ প্ৰতিটো ঘাট লক ডাউনৰ বাবে বন্ধ কৰা হৈছিল আৰু পহৰাৰ বাবে আৰক্ষী নিয়োগ কৰা হৈছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ঘাটত নাছিল কোনো আৰক্ষী ।