নেশ্যনেল ডেস্ক, 16 ছেপ্তেম্বৰ : শেষকৃত্যৰ বাবে অপেক্ষাৰত এটি মৃতদেহ শৱগৃহতে পৰিণত হ'ল কঙ্কাললৈ ৷ মধ্যপ্ৰদেশৰ সৰ্ববৃহৎ চৰকাৰী হাস্পতাল মহাৰাজ য়শৱন্ত ৰাও হাস্পতালত পোহৰলৈ আহিছে এই আচৰিত ঘটনা ৷
শৱগৃহৰ এখন ষ্ট্ৰেচাৰত মৃতদেহটো কঙ্কাললৈ পৰিণত হয় ৷ দূৰ্গন্ধ ওলোৱাৰ পাচতো কোনোয়ে মৃতদেহৰ সৎকাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ বাবে এই ঘটনা সংঘটিত হয় ৷
এই সম্পৰ্কত হাস্পতালৰ কাৰ্যনিৰ্বাহকে কয় যে, এই ঘটনাৰ বাবে দোষীক উচিত শাস্তি প্ৰদান কৰা হ'ব৷ তথ্য অনুসৰি, আৰু মৃতদেহ এনেদৰে ৰাখি থোৱা হৈছে যদিও সৎকাৰৰ ব্যৱস্থা কৰা নাই ৷
কঙ্কাললৈ পৰিণত হোৱা মৃতদেহটো 10 দিন পুৰণি বুলি জানিব পৰা হৈছে ৷
লগতে পঢ়ক : ভাৰতীয় সেনাই ফাদিল কৰিলে পিএলএৰ শক্তিৰ অৱধাৰণা