ETV Bharat / bharat

চোৰাং সোণ সৰবৰাহ সন্দৰ্ভত এম শিৱশংকৰক সোধ-পোচ - ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা

কেৰালাৰ মুখ্যমন্ত্ৰীৰ প্ৰাক্তন মুখ্য সচিব এম শিৱশংকৰৰ 9 ঘণ্টা সময় ধৰি কেৰালাৰ শুল্ক বিভাগে সোধ-পোচ অব্যাহত ৰাখে ৷ সোণৰ চোৰাং সৰবৰাহ সন্দৰ্ভত শিৱশংকৰে শুল্ক আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয় ৷ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এগৰাকী জ্যেষ্ঠ আই এ এছ বিষয়াক এনেদৰে দীৰ্ঘসময়ৰ বাবে সোধ-পোচ কৰা হৈছে ৷

M Sivasankar questioned for Gold Smuggling Case
চোৰাং সোণ সৰবৰাহ সন্দৰ্ভত এম শিৱশংকৰক সোধ-পোচ
author img

By

Published : Jul 15, 2020, 8:18 AM IST

নেশ্যনেল ডেস্ক, 15 জুলাই : কেৰালাৰ শুল্ক বিভাগে এটি কূটনৈতিক চেনেলৰ মাধ্যমেৰে সোণৰ অবৈধ সৰবৰাহ সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰীৰ প্ৰাক্তন মুখ্য সচিব এম শিৱশংকৰক 9 ঘণ্টা সময় ধৰি সোধ-পোচ কৰে ৷ মংগলবাৰে নিশা 2.30 বজাত শিৱশংকৰে শুল্ক বিভাগৰ পৰা ওলাই অহা দেখিবলৈ পোৱা গৈছে ৷

উল্লেখ্য যে, সোণৰ অবৈধ সৰবৰাহ সন্দৰ্ভত শিৱশংকৰ শুল্ক আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয় ৷ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এগৰাকী জ্যেষ্ঠ আই এ এছ বিষয়াক এনেদৰে দীৰ্ঘসময়ৰ বাবে সোধ-পোচ কৰা হৈছে ৷

শিৱশংকৰক তিৰুৱন্তপুৰমৰ শুল্ক কাৰ্যালয়ৰ শুল্ক কৰ্মকৰ্তাই সোধ-পোচৰ বাবে জাননী প্ৰেৰণ কৰে ৷ শুল্ক কৰ্মকৰ্তাই এই বিষয়ে কঠোৰ সিদ্ধান্ত হাতত লৈছিল, যদিও জানিবলৈ পোৱা মতে, প্ৰশাসনিক বিষয়া শিৱশংকৰে চৰিথ পিএছ আৰু স্বপ্ন সুৰেশৰ সৈতে সোণ সৰবৰাহ সন্দৰ্ভত আলোচনা কৰিছিল ৷ তেওঁলোকক চোৰাং সোণ সৰবৰাহ সন্দৰ্ভত বিভাগৰ প্ৰথম আৰু দ্বিতীয় অপৰাধী হিচাপে চিনাক্ত কৰা হৈছে ৷ বৰ্তমান তেওঁলোক NIAৰ জিম্মাত আছে ৷

চৰিথ পিএছ আৰু স্বপ্ন সুৰেশৰ ফোন কলৰ ৰেকৰ্ড অনুসৰি, এয়াৰ কাৰ্গোত প্ৰায় 30 কিলোগ্ৰাম চোৰাং সোণ সৰবৰাহত শিৱশংকৰক গ্ৰেপ্তাৰ কৰা হয় ৷ অৰ্থাৎ তিৰুৱন্তপুৰমত ইউএইৰ ৰাষ্ট্ৰদূতক সম্বোধন কৰি তেওঁ কয় যে, ৰাষ্ট্ৰদূতগৰাকীয়ে শিৱশংকৰৰ সৈতে বাৰ্তালাপ কৰিছিল ৷

ইয়াৰোপৰি, স্বপ্ন সুৰেশ চাহ বিভাগত কৰ্মৰত আছিল, য’ত শিৱশংকৰ চাহ বিভাগৰ সচিব পদত অধিষ্ঠিত আছিল ৷ ফোন কলৰ ৰেকৰ্ড অনুসৰি, যোৱা 20 এপ্ৰিলৰ পৰা 1 জুনলৈ চৰিথে বহুবাৰ শিৱশংকৰক ফোন কৰিছিল আৰু পূৰ্ব আইটি সচিবেও চৰিথক 5 বাৰ ফোন কৰিছিল ৷

তিৰুৱন্তপুৰমত শুল্ক বিভাগৰ দ্বাৰা ৰহস্য ফাদিল হোৱাৰ পিছতে চোৰাং সৰবৰাহ কৰা 14.82 কোটি টকাৰ 30 কিলোগ্ৰাম সোণ জব্দ কৰা হয় ৷ NIAয়ে ইতিমধ্যে 8 জন অপৰাধীৰ বিৰুদ্ধে Unlawful Activities (Prevention) Act, 1967ৰ অধীনত 16, 17 আৰু 18 নং গোচৰৰ ভিত্তিত এজাহাৰ দাখিল কৰে আৰু 3 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : পঞ্জাৱ সীমান্তত উপস্থিত স্থলসেনা প্ৰধান জেন. নাৰাৱানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.