ETV Bharat / bharat

লুনাৰ ছইলঃ ভাৰতবৰ্ষত উপলব্ধ চন্দ্ৰপৃষ্ঠত থকা মাটিৰ নমুনা

author img

By

Published : Jul 14, 2019, 7:11 PM IST

তামিলনাডুৰ মাটিৰে চন্দ্ৰযান 2ৰ অৱতৰণৰ পৰীক্ষাঃ আমেৰিকা যুক্তৰাষ্ট্ৰ পৰা ভাৰতবৰ্ষই প্ৰতি কিলোগ্ৰাম 150 ডলাৰত ক্ৰয় কৰি আহিছে লুনাৰ ছইলৰ নমুনা ৷ কিন্তু এতিয়াৰে পৰা ভাৰতবৰ্ষই আমেৰিকাৰ পৰা ক্ৰয় কৰিব নালাগে এই বিশেষ মুল্যবান লুনাৰ ছইল ৷ কিয়নো ভাৰতবৰ্ষত সন্ধান পোৱা গৈছে লুনাৰ ছইলৰ ৷

লুনাৰ ছইলঃ ভাৰতবৰ্ষত উপলব্ধ চন্দ্ৰপৃষ্ঠত থকা মাটিৰ নমুনা

নিউজ ডেস্ক, 14 জুলাইঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সোমবাৰে চন্দ্ৰলৈ প্ৰেৰণ কৰিব বহুচৰ্চিত চন্দ্ৰযান 2য় ৷ চন্দ্ৰৰ বুকুত অৱতৰণৰ বাবে চন্দ্ৰযান কঢ়িয়াই নিয়া ৰভাৰ লেণ্ডাৰখনৰ লুনাৰ ছইলত পৰীক্ষণমুলক অৱতৰণ সম্পন্ন কৰি আহিছে সংস্থাটোৱে ৷ ইয়াৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে প্ৰতি কিলোগ্ৰাম লুনাৰ ছইল 150 ডলাৰ মূল্য দি ক্ৰয় কৰি আহিছে এই মাটিৰ নমুনা ৷ ইয়াৰ বাবে ভাৰতে ব্যয় কৰি আহিছে কোটি কোটি টকা ৷

কিন্তু এতিয়াৰে পৰা ভাৰতে আৰু আমেৰিকাৰ পৰা ক্ৰয় কৰিব নালাগে এই বিশেষ মাটি ৷ শেহতীয়াকৈ বহুকেইটা উচ্চশৈক্ষিক প্ৰতিষ্ঠানৰ যুটীয়া গৱেষণাত ভাৰততে সন্ধান পোৱা গৈছে এই বিশেষ ক্ষমতাযুক্ত মাটিৰ নমুনা ৷ তামিলনাডুৰ নামাক্কল জিলাৰ চিদ্দামপোন্দী আৰু কুন্নামালাইত গৱেষকৰ দলটোৱে সন্ধান পাইছে এই মাটিৰ নমুনা ৷

দেশৰ বহুকেইখন বিশ্ববিদ্যালয়, প্ৰায়োগিক উচ্চশিক্ষা প্ৰতিষ্ঠান, সৰ্বভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰফেচৰ, গৱেষক শিক্ষাৰ্থী আৰু প্ৰযুক্তিবিদৰ দলে বিছাৰি উলিয়াইছে এই মাটি ৷ এই বিশেষ মাটিৰ নমুনা সংগ্ৰহ অভিযানত অংশগ্ৰহণ কৰিছিল তামিলনাডুৰ ছালেমস্থিত পেৰিয়াৰ বিশ্ববিদ্যালয়, সৰ্বভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান; বাংগালোৰ, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান; ত্ৰিছীৰ শিক্ষাৰ্থী তথা শিক্ষকসকল ৷ পেৰিয়াৰ বিশ্ববিদ্যালয়ৰ চেন্টাৰ ফৰ জিঅ'ইনফৰমেটিকছ এণ্ড প্লেনেটাৰি ষ্টাডিজৰ নিৰ্দেশক ডঃ এছ আনবাজঘানৰ নেতৃত্বত এইসকল ভূবিজ্ঞানীৰ দৰে বহু টন মাটিৰ পৰীক্ষণৰ পিচত নমুনা সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ লগতে ইছৰোলৈ প্ৰেৰণ কৰিছে ৷ চন্দ্ৰলৈ যাবলগীয়া চন্দ্ৰযান 2য়ই এই মাটিৰ নমুনা কঢ়িয়াই নিব আৰু চন্দ্ৰৰ বুকুত সম্ভৱপৰ সকলোধৰণৰ পৰীক্ষণ সম্পন্ন কৰিব ৷

আনহাতে ভূ-বিজ্ঞানীৰ দলটোৱে চন্দ্ৰযান 2য়ৰ লেণ্ডাৰ, 'ৰ'ভাৰ'ৰ বাবে প্ৰয়োজনীয় ছিমুলেটেড লুনাৰ টাৰেইন টেষ্ট ফেচিলিটিলৈ 60-70 টন মাটি প্ৰদান কৰিছে ৷ এই বিষয়ে প্ৰকাশ কৰি ডঃ এছ আনবাজঘানে কয় যে, "চন্দ্ৰৰ বুকুত উপলব্ধ লুনাৰ ছইলৰ সৈতে এই মাটিৰ আটাইতকৈ ক্ষুদ্ৰাতিক্ষুদ্ৰ কণিকাৰ বহুখিনি মিল আছে ৷ পৰীক্ষণৰ সময়ত বিজ্ঞানী তথা গৱেষকৰ দলটোৱে এই মাটিৰ পেটেন্ট অধিকাৰো লাভ কৰিছে ৷

Intro:Body:

লুনাৰ ছইলঃ ভাৰতবৰ্ষত উপলব্ধ চন্দ্ৰপৃষ্ঠত থকা মাটিৰ নমুনা 

তামিলনাডুৰ মাটিৰে চন্দ্ৰযান 2ৰ অৱতৰণৰ পৰীক্ষা 

আমেৰিকা যুক্টৰাষ্ট্ৰৰ পৰা ভাৰতবৰ্ষই প্ৰতি কিলোগ্ৰাম 150 ডলাৰত ক্ৰয় কৰি আহিছে লুনাৰ ছইলৰ নমুনা ৷ কিন্তু এতিয়াৰে পৰা ভাৰতবৰ্ষই আমেৰিকাৰ পৰা ক্ৰয় কৰিব নালাগে এই বিশেষ মুল্যবান লুনাৰ ছইল ৷ কিয়নো ভাৰতবৰ্ষত সন্ধান পোৱা গৈছে লুনাৰ ছইলৰ ৷ 

নিউজ ডেস্ক, 14 জুলাইঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সোমবাৰে চন্দ্ৰলৈ প্ৰেৰণ কৰিব বহুচৰ্চিত চন্দ্ৰযান 2য় ৷ চন্দ্ৰৰ বুকুত অৱতৰণৰ বাবে চন্দ্ৰযান কঢ়িয়াই নিয়া লুনাৰ ছইলত পৰীক্ষণমুলক অৱতৰণ সম্পন্ন কৰি আহিছে সংস্থাটোৱে ৷ ইয়াৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে প্ৰতি কিলোগ্ৰাম 150 ডলাৰ মূল্য দি ক্ৰয় কৰি আহিছে এই মাটিৰ নমুনা ৷ ইয়াৰ বাবে ভাৰতে ব্যয় কৰি আহিছে কোটি কোটি টকা ৷ 

কিন্তু এতিয়াৰে পৰা ভাৰতে আৰু আমেৰিকাৰ পৰা ক্ৰয় কৰিব নালাগে এই বিশেষ মাটি ৷ শেহতীয়াকৈ বহুকেইটা উচ্চশৈক্ষিক প্ৰতিষ্ঠানৰ যুটীয়া গৱেষণাত ভাৰততে সন্ধান পোৱা গৈছে এই বিশেষ ক্ষমতাযুক্ত মাটিৰ নমুনা ৷ তামিলনাডুৰ নামাক্কল জিলাৰ চিদ্দামপোন্দী আৰু কুন্নামালাইত গৱেষকৰ দলটোৱে সন্ধান পাইছে এই মাটিৰ নমুনা ৷ 

দেশৰ বহুকেইখন বিশ্ববিদ্যালয়, প্ৰায়োগিক উচ্চশিক্ষা প্ৰতিষ্ঠান, সৰ্বভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰফেচৰ, গৱেষক শিক্ষাৰ্থী আৰু প্ৰযুক্তিবিদৰ দলে বিছাৰি উলিয়াইছে এই মাটি ৷ এই বিশেষ মাটিৰ নমুনা সংগ্ৰহ অভিযানত অংশগ্ৰহণ কৰিছিল তামিলনাডুৰ ছালেমস্থিত পেৰিয়াৰ বিশ্ববিদ্যালয়, সৰ্বভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান; বাংগালোৰ, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান; ত্ৰিছীৰ শিক্ষাৰ্থী তথা শিক্ষকসকল ৷ পেৰিয়াৰ বিশ্ববিদ্যালয়ৰ চেন্টাৰ ফৰ জিঅ'ইনফৰমেটিকছ এণ্ড প্লেনেটাৰি ষ্টাডিজৰ নিৰ্দেশক ডঃ এছ আনবাজঘানৰ নেতৃত্বত এইসকল ভূবিজ্ঞানীৰ দৰে বহু টন মাটিৰ পৰীক্ষণৰ পিচত নমুনা সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ লগতে ইছৰোলৈ প্ৰেৰণ কৰিছে ৷ চন্দ্ৰলৈ যাবলগীয়া চন্দ্ৰযান 2য়ই এই মাটিৰ নমুনা কঢ়িয়াই নিব আৰু চন্দ্ৰৰ বুকুত সম্ভৱপৰ সকলোধৰণৰ পৰীক্ষণ সম্পন্ন কৰিব ৷ 

আনহাতে ভূ-বিজ্ঞানীৰ দলটোৱে চন্দ্ৰযান 2য়ৰ লেণ্ডাৰ, 'ৰ'ভাৰ'ৰ বাবে প্ৰয়োজনীয় ছিমুলেটেড লুনাৰ টাৰেইন টেষ্ট ফেচিলিটিলৈ 60-70 টন মাটি প্ৰদান কৰিছে ৷ এই বিষয়ে প্ৰকাশ কৰি ডঃ এছ আনবাজঘানে কয় যে, "চন্দ্ৰৰ বুকুত উপলব্ধ লুনাৰ ছইলৰ সৈতে এই মাটিৰ আটাইতকৈ ক্ষুদ্ৰাতিক্ষুদ্ৰ কণিকাৰ বহুখিনি মিল আছে ৷ পৰীক্ষণৰ সময়ত বিজ্ঞানী তথা গৱেষকৰ দলটোৱে এই মাটিৰ পেটেন্ট অধিকাৰো লাভ কৰিছে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.