ETV Bharat / bharat

ভাৰত-চীনৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখা: জেনেৰেল ডি এছ হোদা(অৱসৰপ্ৰাপ্ত) - প্ৰকৃত নিয়ন্ত্ৰণৰেখা : জেনেৰেল ডি এছ হোদা(অৱসৰপ্ৰাপ্ত)

লাডাখত এগৰাকী কামাণ্ডিং বিষয়াকে ধৰি 20 গৰাকীকৈ জোৱানৰ দুখজনক মৃত্যুৱে ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত পৰিস্থিতি গম্ভীৰ কৰি তুলিছে ৷ 1962 চনৰ যুদ্ধৰ পিচত এয়া ভাৰত-চীনৰ মাজৰ বৃহৎ সমস্যা হিচাপে দেখা দিছে আৰু ইয়াৰ ফলত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক অৱনতি ঘটোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ৷ সাধাৰণ ৰাইজৰ বাবে এই সমস্যা বুজি পোৱাৰ আকাংক্ষা দেখা যায় তথা এইটো অঞ্চলৰ ভৌগলিক গাঁথনি অথবা শেহতীয়াকৈ দুয়োখন দেশৰ সেনাৰ মাজত সংঘটিত হোৱা মুখামুখিয়ে কি পৰিস্থিতিলৈ যাব পাৰে ৷ মই এই সমগ্ৰ বিষয়টো সাধাৰণভাৱে বোধগম্য হোৱাকৈ তুলি ধৰিবলৈ চেষ্টা কৰিছো ৷

Lt Gen D S Hooda, former chief of northern command (Man who led the surgical strike in 2016)
প্ৰকৃত নিয়ন্ত্ৰণৰেখা: জেনেৰেল ডি এছ হোদা(অৱসৰপ্ৰাপ্ত)
author img

By

Published : Jun 22, 2020, 11:34 AM IST

1962 চনৰ যুদ্ধত চীনা সৈন্যই পশ্চিম লাডাখৰ 38 হাজাৰ বৰ্গ কিলোমিটাৰ ভূমি দখল কৰিছিল ৷ দুয়োখন দেশৰ সেনাৰ মাজত বিবাদৰ কাৰণ হৈ পৰা এই সীমান্তক প্ৰকৃত নিয়ন্ত্ৰণৰেখা নাম দিয়া হয় ৷ তেতিয়াৰ পৰাই প্ৰকৃত নিয়ন্ত্ৰণৰেখাক নক্সাটো অংকণ নাইবা ভৌগলিকভাৱেও চিহ্নিত কৰা হোৱা নাই আৰু দুয়োপক্ষৰ বাবেই ই বেলেগ বেলেগ স্থানত বেলেগ বেলেগ হোৱা দেখা যায় ৷

Lt Gen D S Hooda, former chief of northern command (Man who led the surgical strike in 2016)
প্ৰকৃত নিয়ন্ত্ৰণৰেখা: জেনেৰেল ডি এছ হোদা

নিজৰ নিজৰ দিশ অনুসৰিয়ে চীনা আৰু ভাৰতীয় সেনাই ইয়াত তহলদাৰী কৰে আৰু যি অঞ্চলত ই নিৰ্ধাৰিত নহয় সেই স্থানতে দুয়োপক্ষৰ সেনাই সঘনাই মুখামুখি হয় ৷ এই মুখামুখিসমূহ শান্তিপূৰ্ণভাৱে মোকাবিলা কৰিবলৈ দুয়োপক্ষই কেবাখনো চুক্তি আৰু নিয়মাৱলী স্বাক্ষৰ কৰিছে ৷ উদাহৰণস্বৰূপে, 2013 চনত স্বাক্ষৰিত,"Border Defence Cooperation Agreement"ৰ অষ্টম ধাৰাত উল্লেখ আছে যে,"দুয়োপক্ষই সিদ্ধান্তত উপনীত হয় যে যদিহে দুয়োপক্ষৰ সীমান্ত সুৰক্ষা বাহিনীয়ে মুখামুখি পৰিস্থিতিলৈ আহে,য'ত দুয়োপক্ষৰ মাজত প্ৰকৃত নিয়ন্ত্ৰণৰেখা সম্পৰ্কে কোনো তথ্য আৰু বুজাবুজি নাথাকে,দুয়োপক্ষই নিজৰ মাজত সীমাবদ্ধ থাকি,কোনো যুদ্ধসদৃশ পৰিস্থিতিৰ পৰা আঁতৰত অৱস্থান কৰিব,কোনোধৰণৰ শক্তিৰ ভাবুকি অথবা শক্তি ব্যৱহাৰৰ পৰা আঁতৰত থাকি,ইপক্ষই সিপক্ষৰ ওপৰত বল প্ৰয়োগ কৰাৰ পৰা আঁতৰত থাকিব আৰু কোনোধৰণৰ গুলিচালনা সংঘটিত কৰিব নোৱাৰিব নাইবা সশস্ত্ৰ সংগ্ৰামত লিপ্ত হ'ব নোৱাৰিব ৷" দুয়োপক্ষৰ মাজত নীতিসমূহৰ কঠোৰ প্ৰয়োগে প্ৰকৃত নিয়ন্ত্ৰণৰেখাক শান্তিৰে ৰাখিছিল 1975 চনলৈকে,যেতিয়াই চাৰিগৰাকীকৈ জোৱান সীমা বিবাদত নিহত হৈছিল ৷ শেহতীয়াকৈ মে'ৰ প্ৰথম সপ্তাহত চীনৰ দ্বাৰা সংঘটিত কাণ্ডই ইয়াত পুনৰ উৎকন্ঠা বৃদ্ধি কৰি তুলিছে ৷

পূৰ্বৱৰ্তী লাডাখৰ ভৌগলিক গাঁথনি

পূৰ্বৱৰ্তী লাডাখৰ ভৌগলিক গাঁথনি:

লাডাখক বহু উচ্চ উচ্চতাত অৱস্থিত এখন মৰুভূমি বুলি কোৱা হয় আৰু পূৰ্বৱৰ্তী লাডাখ তিব্বতীয় প্লেটৰ সৈতে অৱস্থিত ৷ পাংগং ছ হ্ৰদ আৰু গালৱান নদী 14 হাজাৰ ফুট উচ্চতাত অৱস্থিত আৰু হট স্প্ৰীং অঞ্চলটো 15 হাজাৰ ফুট উচ্চতাত অৱস্থিত ৷ এই তিনিটা স্থানতেই শেহতীয়াকৈ চীনৰ সৈতে ভাৰতীয় সেনাৰ মুখামুখি হৈছে ৷

মুল সমস্যাৰ উদ্ভৱ হৈছে পাংগং ছ আৰু গালৱান অঞ্চলত ৷ পাংগং ছ হ্ৰদৰ উত্তৰ পাৰত ভাৰত আৰু চীন দুয়োপক্ষৰে প্ৰকৃত নিয়ন্ত্ৰণৰেখাক লৈ বিপৰীত স্থিতি আছে আৰু অতীতত দুয়োপক্ষই নিজৰ নিজৰ অঞ্চল বুলি দাবী কৰা ঠাইত তহলদাৰী কৰিছিল ৷ চীনে দাবী কৰা অনুসৰি, প্ৰকৃত নিয়ন্ত্ৰণৰেখা পইন্ট 4ত, আনহাতে ভাৰতৰ দাবী অনুসৰি, ই পইন্ট 8ত ৷ শেহতীয়াকৈ চীনে শাৰিৰীকভাৱে তেওঁলোকৰ বুলি দাবী কৰা অঞ্চলসমূহত তহলদাৰী আৰম্ভ কৰাৰ লগতে ভাৰতীয় সেনাই আমাৰ বুলি দাবী কৰা অঞ্চলত তহলদাৰী কৰাত বাধা প্ৰদান কৰে ৷

গালৱান ভেলীত প্ৰকৃত নিয়ন্ত্ৰণৰেখা,বিশ্বৰ আটাইতকৈ ওখ স্থানত থকা বিমানস্থল ডৌলত বেগ অল্ডীলৈ যোৱা এক অন্যতম গুৰুত্বপূৰ্ণ পথৰ পৰা 6 কিলোমিটাৰ দুৰত্বত অৱস্থিত ৷ এইটোৱে হৈছে একমাত্ৰ পথ যিয়ে সকলো বতৰতে ডৌলত বেগ অল্ডীত থকা সৈনিকসকলক সামগ্ৰীৰ যোগান ধৰি অহাত ব্যৱহৃত হৈ আহিছে ৷ এই পথটো দাৰবাকত আৰম্ভ হৈ 255 কিলোমিটাৰ যাত্ৰা কৰি ই ডৌলত বেগ অল্ডীত অন্ত পৰে ৷ ইয়াৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম 2000 চনত আৰম্ভ হৈছিল যদিও সেনাৰ বাবে ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰিছিল ছায়ক নদীৰ ওপৰত কোনো দলং নথকাৰ বাবে ৷ 2019 চনত ইয়াত এখন স্থায়ী দলং নিৰ্মাণ কৰা হৈছিল আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে ইয়াক উদ্বোধন কৰিছিল ৷ এই পথটোৱে তাৰ পিচৰে পৰাই সামৰিক গুৰুত্ব লাভ কৰিছিল কিয়নো তেতিয়াৰে পৰাই উত্তৰ লাডাখলৈ সেনাৰ যাতায়ত তথা সামগ্ৰী পৰিবহন ক্ষীপ্ৰ হৈ পৰিছিল ৷

যদিহে গালৱান নদী হৈ চীনে প্ৰকৃত নিয়ন্ত্ৰণৰেখাত প্ৰৱেশ কৰে,তেতিয়াহ'লে চীনে ইয়াৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰি দিব পাৰে ৷ চীনৰ এই কাৰ্যক ভাৰতীয় সৈনিকসকলে বাধা দি আহিছে আৰু এনে এক কাৰ্যৰ প্ৰতিবাদতে 15 জুনত শ্বহীদ হয় ভাৰতৰ 20জনকৈ জোৱান ৷

গালৱান ভেলীত প্ৰকৃত নিয়ন্ত্ৰণৰেখা

কিমান সংকটপূৰ্ণ এই পৰিস্থিতি ?

অতীতৰে পৰাই ইয়াত অনাধিকাৰ প্ৰৱেশ সংঘটিত হৈ আহিছে আৰু 2013 চনৰ ডেপচাং,2014ৰ চুমাৰ আৰু 2017ৰ ডোকলামত সংঘটিত ঘটনাই ইয়াক অধিক বৃদ্ধিত সহায় কৰিছে ৷ অৱশ্যে ইয়াক স্থানীয়ভাৱে কোনোধৰণৰ বিসংগতি নোহোৱাকৈ শান্তিপূৰ্ণভাৱে সমাধান কৰা হৈছিল ৷ কিন্তু শেহতীয়াকৈ চীনৰ কৰ্মকাণ্ড ইয়াতকৈ সম্পূৰ্ণ পৃথক ৷

প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনে থিতাপি লোৱা সংখ্যা বৃহৎ হাৰে বৃদ্ধি পাইছে আৰু ইয়াক চীনা চৰকাৰৰ উচ্চস্তৰত অনুমতি দিয়া হৈছে ৷ চীনৰ সামৰিক বাহিনীৰ দ্বাৰা সংঘটিত হিংসাত্মক ঘটনা অনাকাংক্ষিত আৰু ইয়াৰ দ্বাৰা চীনে সকলো নীতি নিয়ম সম্পূৰ্ণৰূপে ভংগ কৰিছে ৷

চীনৰ কাৰ্যই ভাৰতীয় সেনাই প্ৰকৃত নিয়ন্ত্ৰণৰেখাত পালন কৰি অহা নীতি নিয়মসমূহ পুনৰবাৰ ভাবি চাবলৈ বাধ্য কৰি তুলিছে আৰু এইক্ষেত্ৰত আমাক অধিক আগ্ৰাসী হোৱাৰ প্ৰয়োজন আহি পৰিছে ৷ সীমান্ত ব্যৱস্থাপনাত ইয়াৰ এক দীৰ্ঘৱৰ্তী প্ৰভাৱ পৰিব আৰু আমি ভৱিষ্যতত শীঘ্ৰেই আমি এক উত্তপ্ত প্ৰকৃত নিয়ন্ত্ৰণৰেখা দেখিবলৈ পাম ৷

ভাৰত-চীনৰ সম্পৰ্কৰ প্ৰকৃতি আৰু গুণাগুণ প্ৰভাৱিত হোৱাটো ইতিমধ্যেই দেখিবলৈ পাইছো ৷ সমগ্ৰ দেশৰ চীন বিৰোধী মনোভাৱে গা-কৰি উঠিছে, আৰু পৰিস্থিতি যিদৰেই নিয়ন্ত্ৰণলৈ আহক,ভাৰতীয়সকলে চীনে সামৰিক শক্তিৰ দ্বাৰা ভাৰতীয়ৰ ওপৰত কৰা আক্ৰমণ কেতিয়াও পাহৰি যোৱা নহয় ৷

লগতে চাওকঃ কৰণাতংক : মুম্বাইৰ উপনগৰীয় ৰে'ল চলায় কেন্দ্ৰীয় ৰেল বিভাগৰ মহিলাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.