নতুন দিল্লী, 10 মে' : শুকুৰবাৰে বিয়লি অন্ত পৰিব ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য ৷ 12 মে'ত দেশৰ 59 টা সমষ্টিত অনুষ্ঠিত হ'ব দেশৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন ৷ কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধী , উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ , কংগ্ৰেছ নেতা দ্বিগবিজয় সিং , বিজেপিৰ প্ৰজ্ঞা সিং ঠাকুৰ অৱতীৰ্ণ হ'ব নিৰ্বাচনী যুঁজত ৷
ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ 14 খন , হাৰিয়ানাৰ 10 খন , মধ্য প্ৰদেশ , বিহাৰ আৰু পশ্চিমবংগৰ 8 খন , দিল্লীৰ 7 খন , ঝাৰখণ্ডৰ 4 খন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি ষষ্ঠ পৰ্যায়ত সৰ্বমুঠ 968 গৰাকী প্ৰতিদ্বন্দ্বীয়ে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷
লগতে পঢ়ক :আম আদমি পাৰ্টীৰ বিৰুদ্ধে গম্ভীৰৰ মানহানিৰ জাননী
উল্লেখযোগ্য যে, সাতটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ 19 মে'ত অনুষ্ঠিত হ'ব সপ্তম পৰ্যায়ৰ নিৰ্বাচন ৷ আনহাতে 23 মে' ঘোষিত হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল ৷