ETV Bharat / bharat

লকডাউন : সোমবাৰে মুখ্য়মন্ত্ৰীসকলৰ সৈতে আলোচনাত বহিব প্ৰধানমন্ত্ৰী - ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত প্ৰধানমন্ত্ৰী

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লকডাউন সন্দৰ্ভত সোমবাৰে দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হ'ব ।

মুখ্য়মন্ত্ৰীসকলৰ সৈতে আলোচনাত বহিব প্ৰধানমন্ত্ৰী

author img

By

Published : May 10, 2020, 5:37 PM IST

নিউজ ডেস্ক, ১০ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে আবেলিৰ ভাগত দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা প্ৰকাশ কৰিছে । কোভিড-১৯ৰ পিচত এয়া পঞ্চমবাৰৰ বাবে এইদৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে এই কথা প্ৰকাশ কৰিছে । ভিডিঅ' কনফাৰেন্সযোগে সোমবাৰে বিয়লি ৩ বজাত মুখ্য়মন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী ।

  • PM @narendramodi to hold the 5th meeting via video-conference with state Chief Ministers tomorrow afternoon at 3 PM.

    — PMO India (@PMOIndia) May 10, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ১৭ মে'ত অন্ত পৰিবলগীয়া লকডাউনৰ পিচত অৰ্থনৈতিক কাৰ্যকলাপসমূহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আলোচনা কৰাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰীগৰাকীয়ে । কোভিড-১৯ৰ ব্যৱস্থাপনাক লৈ কেবিনেট সচিব ৰাজীৱ গৌবাই ৰাজ্যসমূহৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য সচিবৰ লগতে স্বাস্থ্য সচিবসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত এই ঘোষণা কৰা হয় ।

২৫ মাৰ্চত জাৰী কৰা লকডাউন ১৪ এপ্ৰিলত অন্ত পৰাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত ৩ মে' আৰু তাৰ পিচত ১৭ মে'লৈকে ইয়াক বৃদ্ধি কৰা হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.