ETV Bharat / bharat

লক্ ডাউনঃ NCW ত এপ্ৰিল মাহত ৰুজু ৩১৫ টা ঘৰুৱা হিংসাৰ গোচৰ

author img

By

Published : May 3, 2020, 7:22 PM IST

লক ডাউনৰ সময়তে ৩১৫ টা ঘৰুৱা হিংসাৰ গোচৰ ৰুজু হৈছে বুলি উল্লেখ কৰে NCW ৰ অধ্যক্ষ ৰেখা শৰ্মাই । অনলাইৰ যোগেদি এই গোচৰসমূহ ৰুজু হৈছে বুলি উল্লেখ কৰে ৰেখা শৰ্মাই ।

লক ডাউন
Lockdown: NCW ত এপ্ৰিল মাহত ৰুজু ৩১৫ টা ঘৰুৱা হিংসাত্মক গোচৰ

নিউজ ডেস্ক, ৩ মে': মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি লক ডাউন চলি থকা সময়তে দেশৰ ভিন্ন প্ৰান্তৰ পৰা NCW ত বৰ্তমান পৰ্যন্ত ৩১৫ টা ঘৰুৱা হিংসাৰ গোচৰ ৰুজু হৈছে ।

৩১৫ টা গোচৰ অনলাইন আৰু হোৱাট্ছ এপৰ জৰিয়তে লাভ কৰা বুলি সদৰী কৰে যদিও ডাক যোগে কোনো গোচৰ ৰুজু হোৱা নাই বুলিও প্ৰকাশ কৰে ।

আনহাতে, NCW অধ্যক্ষ ৰেখা শৰ্মাই কয় যে, বিগত ২৫ মাৰ্চৰ পৰা তথা লক ডাউনৰ সময়ত যথেষ্ট সংখ্যক গোচৰ ৰুজু হৈছে । তাৰোপৰি, ঘৰুৱা হিংসা সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ NCW য়ে 7217735372 এই নম্বৰটো মুকলি কৰে বুলিও মন্তব্য কৰে ।

উল্লেখ্য যে, লকডাউনৰ সময়ছোৱাত ৰুজু হোৱা ঘৰুৱা হিংসাৰ ঘটনাসমূহ অধ্যয়ন কৰি পোৱা এটা ঘটনা হৈছে য'ত এগৰাকী যুৱতীক বিবাহ-পাশত আৱদ্ধ কৰিবলৈ যুৱতী গৰাকীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলাইছিল ।

NCW ত যুৱতী গৰকীয়ে গোচৰ ৰুজু কৰা পাচতে NCW য়ে আৰক্ষীৰ লগত সম্পৰ্ক কৰি যুৱতী গৰাকীক আশ্ৰমত থকাৰ ব্যৱস্থাত কৰি দিয়ে ।

আনহাতে, ত্ৰিপুৰাত এগৰাকী ব্যক্তিয়ে NCWত গোচৰ ৰুজু কৰি কয় যে, তেখেতৰ ভগ্নীক শহুৰেকৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলাইছে । আৰু লক ডাউনৰ বাবেই ব্যক্তি গৰাকীয়ে ভনীয়েকৰ ওচৰত উপস্থিত হ'ব পৰা নাই । ব্যক্তি গৰাকীৰ গোচৰৰ ভিত্তিতে NCW য়ে আৰক্ষীৰ সৈতে সম্পৰ্ক কৰি মহিলা গৰাকীক তাৰ পৰা উদ্ধাৰ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.