ETV Bharat / bharat

লক্ ডাউনৰ মাজত মহাৰাষ্ট্ৰৰ পাঁচখন জিলাত সুৰা বিক্ৰীত নিষেধাজ্ঞা - সুৰাৰ পৰা সংগ্ৰহ ৪৫ হাজাৰ কোটি ৰাজহ মহাৰাষ্ট্ৰ চৰকাৰৰ

কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে মহাৰাষ্ট্ৰত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ । ছলাপুৰ, ঔৰাংগাবাদ, জালনা, বুলধানা আৰু অম্ৰাৱতি জিলাত সুৰা বিপণী বন্ধ ৰখাৰ নিৰ্দেশ ।

Lockdown: Five Maha districts not to allow liquor sale
Lockdown: Five Maha districts not to allow liquor saleLockdown: Five Maha districts not to allow liquor sale
author img

By

Published : May 4, 2020, 3:44 PM IST

মুম্বাই, ৪ মে': মহাৰাষ্ট্ৰৰ পাঁচখন জিলা প্ৰশাসনৰ গুৰুত্ব পূৰ্ণ সিদ্ধান্ত । পাঁচখন জিলাত সুৰা বিপণী সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত জিলা প্ৰশাসনৰ । এই পাঁচখন জিলা হৈছে-ছলাপুৰ, ঔৰাংগাবাদ, জালনা, বুলধানা আৰু অম্ৰাৱতি

সোমবাৰৰ পৰা সুৰাকে ধৰি অনা-আৱশ্যকীয় সামগ্ৰীৰ দোকান পোহাৰ সমূহ কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সম্ভাৱনীয়তা নথকা অঞ্চলত মহাৰাষ্ট্ৰ চৰকাৰে খোলাৰ অনুমতি দিয়াৰ পাচতেই পাঁচখন জিলাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ৰাজ্যৰ চৰকাৰৰ অনুমতিৰ পাচতো সুৰাৰ বিপণী সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পাঁচখন জিলা প্ৰশাসনে ।

জিলা দণ্ডাধীশৰ মতে, দুৰ্যোগ-ব্যৱস্থাপনা আইনৰ অধীনতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । যাতে কৰ'ণা ভাইৰাছৰ অত্যাধিক সংক্ৰমণ বিস্তাৰ নহয় । বুলধানা আৰু অম্ৰাৱতী জিলা প্ৰশাসনে ১৭ মে'লৈ সকলো সুৰাৰ বিপণী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ঔৰাংগাবাদত বহু সুৰা প্ৰস্তুত কৰা, বটল ইউনিটৰ তৈয়াৰ কৰা প্ৰতিষ্ঠান সকলক উৎপাদনৰ অনুমতি প্ৰদান কৰিছে যদিও সেই সমূহ বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে । ইপিনে নাগপুৰ চিভিক বডীয়েও সুৰা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে ।

উল্লেখ্য যে, সুৰা হৈছে মহাৰাষ্ট্ৰ চৰকাৰৰ ৰাজহ সংগ্ৰহ কৰাৰ মুখ্য উৎস । ২০১৯-২০ বৰ্ষত চৰকাৰে ৪৫,০০০ কোটি টকাৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল বুলি ৰাজ্য়িক আৱকাৰী বিভাগৰ পৰা জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.