ETV Bharat / bharat

দেশজুৰি ল'ক ডাউনৰ বাবে জম্মু-কাশ্মীৰত সমন্বয় সমিতি গঠন - দেশজুৰি ল'ক ডাউনৰ বাবে জম্মু-কাশ্মীৰত সমন্বয় সমিতি গঠন

কভিড-19 প্ৰতিৰোধৰ বাবে জম্মু-কাশ্মীৰত তৎকালীনভাবে সমন্বয় সমিতি গঠন কৰা হয় ৷ ইয়াৰ জৰিয়তে ৰাজ্যখনৰ সকলো ধৰণৰ সমস্যা যেনে-স্বাস্থ্য,শিক্ষা,আৰু শ্ৰমিকসকলক সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰা হয় ৷

Lockdown: Coordination teams formed in J&K
দেশজুৰি ল'ক ডাউনৰ বাবে জম্বু-কাশ্মীৰত সমন্বয় সমিতি গঠন
author img

By

Published : Mar 31, 2020, 10:23 AM IST

31 মাৰ্চ : জম্মু,বিশ্বজুৰি সন্ত্ৰাস সৃষ্টি কৰা কভিড-19 ৰ বাবে বৰ্তমান স্তব্ধ হৈ পৰিছে জনতাৰ স্বাভাৱিক জীৱন ৷ ইতিমধ্যে ভাৰতবৰ্ষত কৰ'ণা প্ৰতিৰোধৰ বাবে 21 দিনৰ বাবে লক ডাউন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে জম্মু-কাশ্মীৰতো কৰ'ণাই সন্ত্ৰাস সৃষ্টি কৰিছে ৷ লক ডাউনৰ সমান্তৰালভাবে জম্মু-কাশ্মীৰত অত্যাৱশ্যকীয় সামগ্ৰী সমূহ আমদানি আৰু ৰপ্তানী কৰাৰ বাবে আজি প্ৰশাসনৰ ফালৰ পৰা এখন সমন্বয় সমিতি গঠন কৰা হয় ৷ উক্ত সমন্বয় সমিতিখনক ৰাজ্যখনৰ স্বাস্থ্য আৰু শিক্ষাৰ সকলো দিশ চোৱা-চিতা কৰাৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ ইয়াৰ লগে-লগে ৰাজ্যখনৰ শ্ৰমিক আয়ুক্ত সচিবে বেতন ভোগী শ্ৰমিকসকলক সকলো ধৰণৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ৷ আনকি উক্ত সমন্বয় সমিতিখনে ৰাজ্যখনৰ সকলো ধৰণৰ দুৰ্যোগৰ সময়ত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: জ্ঞান পাণ্ডাৰে লাভ কৰক বিভিন্ন বিষয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.