নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ : বাল্য বিবাহৰ দৰে নিকৃষ্ট কৰ্মৰ বাবে উপহাৰ স্বৰূপ হৈ পৰিছে লক্ ডাউন ৷ সমাজৰ কিছু স্তৰত বাল্য বিবাহ স্বাভাৱিক ঘটনা হিচাপে চলি আহিছে ৷ চলিত বৰ্ষত এই বাল্য বিবাহৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈচে লক্ ডাউনৰ বাবে ৷
কৰ্ণাটকৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি এপ্ৰিল মাহৰ পৰা আগষ্টৰ ভিতৰত ৰাজ্যখনত 9 খন বাল্য বিবাহ সম্পন্ন হৈছে আৰু 55 খন এনে বিবাহ আৰক্ষী আৰু বেচৰকাৰী সংস্থাই বন্ধ কৰিছে ৷
![Lockdown became a gift for ill practice of Child marriage](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kn-cnr-03-child-marriage-av-7202614_17092020200531_1709f_1600353331_1016_1709newsroom_1600361038_83.jpg)
বিগত বৰ্ষৰ এপ্ৰিলৰ পৰা এই বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত 22 খন বাল্য বিবাহ সম্পন্ন হৈছিল আৰু 67 খন বন্ধ কৰা হৈছিল ৷ যোৱা বৰ্ষৰ সৈতে তুলনা কৰিলে চলিত বৰ্ষত 8 খন বিবাহ বৃদ্ধি পাইছে ৷ 2019ৰ আগষ্টৰ পৰা 2020ৰ এপ্ৰিল মাহলৈ 187 টা বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছিল ৷ ইয়াৰে 31 খন বিবাহ আৰক্ষী আৰু শিশু কল্যান বিভাগ উপস্থিত হোৱাৰ পূৰ্বেই সংঘটিত হৈ যায় ৷
বাংগালুৰুত সংঘটিত এনে এখন বিবাহৰ বাবে দৰা পক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল যদিও বিধায়ক আৰু উচ্চ স্তৰীয় কৰ্তৃপক্ষই সেই অভিযোগ উঠাই ল’বলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উঠিছে ৷ অৱশ্যে শিশু কল্যাণ আয়োগৰ এগৰাকী সদস্যই জনোৱা মতে এই হেঁচাক সমীহ নকৰি গোচৰ দাখিল কৰা হৈছে ৷ ভুক্তভোগী কিশোৰী গৰাকীক চাইল্ড হেল্প লাইনে উদ্ধাৰ কৰে ৷
লগতে পঢ়ক : পাটাবাৰীত বেদখল আৰু বন বিভাগৰ সংঘৰ্ষ : প্ৰতিক্ৰিয়া গঞাৰ