ETV Bharat / bharat

লক্ ডাউন : পথাৰত উৱঁলিছে কৃষকৰ সপোন ! - শস্য ৰোপন

সমগ্ৰ দেশত বৰ্তমান কৰ'ণা মহামাৰীৰ ত্ৰাস ৷ তাৰ মাজতেই দেশত ঘোষণা কৰা হ'ল লক্ ডাউন ৷ কৰ'ণা প্ৰতিৰোধৰ বাবেই এই লক্ ডাউন ঘোষণা কৰা হৈছিল ৷ কিন্তু এই লক্ ডাউনে যেন অন্তহীন দুঃখ কঢ়িয়াই আনিলে একাংশ লোকৰ জীৱনলৈ ৷

lock down effects rabi crops harvest in Assam, farmers in distress

author img

By

Published : Apr 10, 2020, 8:57 PM IST

নিউজ ডেস্ক, 10 এপ্ৰিল : লক্ ডাউনে ভাঙি পেলালে ৰবি শস্যৰ কৃষকসকলৰ সকলো আশা-সকলো সপোন ৷ কপালৰ ঘাম মাটিত পেলাই, বেংক অথবা বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ৰবি শস্য খেতি কৰিছিল এই কৃষকসকলে ৷ খেতি পথাৰ চহাই প্ৰস্তুত কৰাৰ পৰা শস্য ৰোপন আৰু পৰৱৰ্তী সময়ত পানী-সাৰ-কীটনাশক আদি প্ৰয়োগ পৰ্যন্ত প্ৰতিটো ক্ষেত্ৰত হাজাৰ-হাজাৰ টকা ব্যয় কৰিব লগীয়া হয় কৃষক সকলে ৷ প্ৰতি গৰাকী কৃষকে প্ৰায় 20 হাজাৰৰ পৰা এক-ডেৰ লাখ টকা পৰ্যন্ত ঋণ লয় ৰবি শস্যৰ খেতিত বিনিয়োগৰ বাবে ৷ উজনি অসমেই কওক অথবা নামনি অসমৰ চৰাঞ্চল সমূহৰ কথাই কওক ! সকলোতে এতিয়া কৃষকৰ মুখত হতাশাৰ চিন ৷

lock down effects rabi crops harvest
পথাৰত উৱঁলিছে কৃষকৰ সপোন !

ধুবুৰী,গোৱালপাৰা,বৰপেটা,দৰং,তেজপুৰ.গোলাঘাট,যোৰহাট,নগাঁও সকলোতে বিলাই বিপত্তি নোহোৱা হৈছে কৃষকৰ ৷ কিয়নো বিক্ৰীৰ অভাৱত গছতেই পৈণত হৈ নষ্ট হ'বলৈ ধৰিছে উৎপাদিত ফচল ৷ লাও,তিতাকেৰেলা, লেচেৰা, ফুলকবি, ভোল,কেপচিকাম,বিলাহী পাচলিৰ উপৰিও নৈৰ বালিচৰত কৰা তৰমুজবোৰো এফালৰ পৰা গেলিবলৈ ধৰিছে ৷ লক্ ডাউনৰ বাবে কৃষকে বজাৰলৈ মোকলাই দিব পৰা নাই পাচলি সমূহ ৷ যাৰ বাবে ঋণ পৰিশোধ আৰু জীৱিকাৰ চিন্তাত জুৰুলা হৈছে এইসকল কৃষক ৷

লক্ ডাউনে বৃহৎ লোকচান সাধিছে কৃষকৰ

প্ৰতিজন কৃষকেই আশা কৰিছে যে, চৰকাৰে এই দুৰ্যোগৰ সময়ত কৃষকসকলক অলপ হলেও সহায় কৰিব ৷ চৰকাৰে কিছু পৰিমাণে ঋণ হ্ৰাস কৰিলেও কৃষকে সকলে বীজ,বনুৱা,সাৰ আদিৰ খৰচসমূহ কেনেদৰে বহন কৰিব তাকে লৈ চিন্তাৰ শেষ নোহোৱা হৈছে তেওঁলোকৰ ৷

লগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.