ETV Bharat / bharat

লক ডাউনৰ আজি 14 দিন....

author img

By

Published : Apr 7, 2020, 9:26 PM IST

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য কৰ'ণাত আক্ৰান্তৰ সংখ্যা 28 জনলৈ বৃদ্ধি পোৱা বুলি টুইটাৰ জৰিয়তে প্ৰকাশ কৰে ৷

লক ডাউনৰ আজি 14 দিন.
লক ডাউনৰ আজি 14 দিন.

নিউজ ডেস্ক, 7 এপ্ৰিলঃ আজি 14 দিন অতিক্ৰম কৰিলে লক ডাউনে৷ লক ডাউনৰ সময়ছোৱাত মঙলবাৰে ৰাজ্যত কেবাটাও অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় ৷ দিনটোৰ আৰম্ভণীতে সাম্প্ৰদায়িক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হয় ধিং সমষ্টিৰ বিধায়ক AIUDF নেতা আমিনুল ইছলাম ৷ বিধায়কগৰাকীক আটক কৰাৰ পাছতে কেবাজনো বিজেপি বিধায়কে তেওঁক লৈ বহু মন্তব্য কৰা পৰিলক্ষিত হয় ৷ আনহাতে, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য কৰ'ণাত আক্ৰান্তৰ সংখ্যা 28 জনলৈ বৃদ্ধি পোৱা বুলি টুইটাৰ জৰিয়তে প্ৰকাশ কৰে ৷ কৰ'ণাৰ প্ৰতি থকা ভয় শংকইৰ বাবে মেঘালয়ৰ পৰা তিনি দিন ধৰি খোজ কাঢ়ি পৰিয়ালৰ কাষত থিয় হোৱা ওদালগুৰিৰ 7 জন শ্ৰমিকক পথাৰত থাকিবলৈ দিয়ে গাওঁবাসীয়ে ৷

14 দিনত দেশৰ সামগ্ৰিক পৰিৱেশ...

দিল্লীঃ দিল্লীত যদিহে ৰোগীৰ সংখ্যা বৃদ্ধি হৈ 30000 ৰ কাষ চাপে তেন্তে স্বাস্থ্য বিভাগক 400 ভেন্টিলেটৰ, 1200 অক্সিজেন সংলগ্ন বিচনাৰ দৰকাৰ হব বুলি জনায় দিল্লী মুখ্যমন্ত্ৰী কেজৰিৱালে ৷ ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত পৰীক্ষা কৰিবলৈ মুকলি কৰে এটা কিট ৷ ইতিমধ্যে স্বাস্থ্য বিভাগে 50000 কিটৰ নিৰ্দেশ দিছে ৷ আগন্তুক 20 দিনৰ বাবেহে স্বাস্থ্যক্ৰমীসকলক N-95 মাস্ক, সুৰক্ষা কিট প্ৰদান কৰিব পাৰিব AIIMS য়ে ৷ আনহাতে দিল্লীৰ ষ্টেট কেন্সাৰ ইনষ্টিটিউটখনৰ 18 গৰাকী কৰ্মচাৰী কৰ'ণাত আক্ৰান্ত হোৱাৰ বাবে আজি হাস্পতালখন সম্পূৰ্ণ ছীল কৰি দিয়া হয় ৷

মুম্বাইঃ এই পৰ্যন্ত ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত সংখ্যা 1018 ৷ মুম্বাইৰ ছীল অঞ্চলসমূহৰ লগতে সন্দেহযুক্ত কৰ'ণাত আক্ৰান্তসকলৰ আৱৰ্জনাসমূহ সংগ্ৰহ কৰা শ্ৰমিকলসকলক BMC য়ে PPE প্ৰদান কৰে যদিও এই ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰে শ্ৰমিকসকলে কাৰণ এবাৰে ব্যৱহাৰ কৰিব পৰা PPE পুনৰ ধুই শ্ৰমিকসকলক ব্যৱহাৰৰ নিৰ্দেশ দিয়া হৈছে৷ আনহাতে আগন্তুক চবে হৰাটৰ বাবে ইতিমধ্যে প্ৰশাসনে বন্ধ কৰাৰ নিৰ্দেশ দিছে ৰাজ্যখনৰ সকলো কবৰস্থান ৷ ইয়াৰোপৰি কোৱাৰানটাইনৰ নিৰ্দেশ ভংগকাৰী 150 জন নিজামুদ্দিনত অংশগ্ৰহণ কৰা লোকৰ হৈ গোচৰ ৰুজু কৰা হৈছে৷

হাইদৰাবাদঃ Sudhacars ৰ স্বত্বাধিকাৰ সুধাকাৰে কৰ'ণা ভাইৰাছৰ বাবে সাজি ওলিয়াইছে এখন বিশেষ বাহন ৷ বাহনখনে ৰাইজৰ মাজত সজাগতা প্ৰদান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাত সহায় কৰিব ৷ শীঘ্ৰেই মুকলি কৰা হব এই বাহনখন ৷ আনহাতে ৰাজ্যখনৰ 8 মাহ পুৰণি Vera Smart Healthcare নামৰ সংস্থাটোৱে তিনি দিনত COVID 19 নিৰিক্ষণ কৰিব পৰা এটা যন্ত্ৰ সাজি ওলিয়াই ৷

চেন্নাইঃ তামিলনাডু চৰকাৰে জৰুৰীকালীনভাৱে নিয়োজিত কোনো লোক কৰ'ণাত আক্ৰান্ত হ'লে বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে তেওঁলোকক 2 লাখ টকা প্ৰদানৰ ঘোষণা কৰে ৷

আহমেদাবাদঃ মঙলবাৰে ৰাজ্যখনত বেছিকৈ COVID 19 বিয়পোৱা 8 অঞ্চল চিনাক্ত কৰি উলিয়াই স্বাস্থ্য বিভাগে৷ ইয়াৰ ভিতৰত 10 খন স্থানৰ ভিতৰত আছে আহমেদাবাদ৷

ছণ্ডিগড়ঃ চহৰখন সম্পূৰ্ণৰূপে চেনিটাইজ কৰি মঙলবাৰে বজাৰসমূহ খোলে যদিও পৰিস্থিতি সম্পূৰ্ণ বিশৃংখল হৈ পৰে৷ আনহাতে হোম কোৱাৰানটাইনত থকাসকলৰ আৱৰ্জনাসমূহ সংগ্ৰহ কৰিবলৈ পৌৰসভাই চহৰখনত 15 টা দল বান্ধি দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.